অসম

assam

ETV Bharat / state

Bangladeshi ships stranded in Brahmaputra: শুকাই যোৱা ব্ৰহ্মপুত্ৰত লাগি ধৰিল বাংলাদেশৰ ৫ খন জাহাজ - মহাবাহু ব্ৰহ্মপুত্ৰ আজি সংকটত

অসমীয়া জাতিৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ আজি সংকটত ৷ উন্নয়নৰ ধামখুমীয়াত টুটি আহিছে লুইতৰ আয়ুস ৰেখা ৷ লুইতত আৱদ্ধ বাংলাদেশৰ ৫ খন জাহাজ ৷

Many Bangladeshi ships stranded in Brahmaputra
হাবাহু ব্ৰহ্মপুত্ৰ আজি সংকটত

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 12:24 PM IST

শুকাই যোৱা ব্ৰহ্মপুত্ৰত লাগি ধৰিল বাংলাদেশৰ ৫ খন জাহাজ

ধুবুৰী, ১২ নৱেম্বৰ :মহাবাহু ব্ৰহ্মপুত্ৰ এতিয়া মহা সংকটত । শুকাই কৰ্কৰীয়া মাৰিছে ব্ৰহ্মপুত্ৰৰ বুকু । যোৱা কেইটামান বছৰত অস্বাভাৱিকভাৱে কমি আহিছে লুইতৰ পানী ৷ মূৰে-কপালে হাত দিবলগীয়া হৈছে নৈ-পৰীয়া ৰাইজে ৷ কেৱল নৈ-পৰীয়া ৰাইজেই যে বিপদত পৰিছে এনে নহয়, ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমি যোৱাৰ ফলত বিগত দহটা দিনে ধুবুৰীৰ বালিচৰত আবদ্ধ হৈ আছে বাংলাদেশৰ পাঁচখনকৈ শিল কঢ়িওৱা জাহাজ । আবদ্ধ হৈ আছে বাংলাদেশৰ ২০ জনকৈ নাগৰিক ।

ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যন্ত্ৰচালিত নাৱৰ সমানে সমানে চলিছে মটৰ গাড়ীও । কাৰণ ব্ৰহ্মপুত্ৰ এতিয়া বালিচৰত পৰিণত হোৱাৰ ফলত নদী পথৰ এফালেৰে যদি কোনোমতে নাও চলাচল কৰিছে আনফালে নদী পথেদি চলিছে ঘোঁৰা গাড়ীও । অতি স্বাভাৱিকভাৱেই মানুহে খোজকাঢ়ি নাইবা চাইকেল, মটৰ চাইকেল লৈ পাৰ হৈছে শুকান লুইতৰ বুকু । ধুবুৰী চহৰৰ পৰা প্ৰায় ১০-১৫ কিলোমিটাৰ অৰ্থাৎ ভাৰত-বাংলা সীমান্ত অঞ্চললৈকে চলাচল কৰিব পাৰে ঘোঁৰাগাড়ী । চলাচল কৰে সাধাৰণ জনতাও ।

ধুবুৰীৰ পৰা বিভিন্ন চৰাঞ্চলৰ লগতে ভাৰত-বাংলা সীমান্তৰ ভোগদহৰ, পাটামাৰী, টাকিমাৰী, মহুৰিৰ চৰ, মছলাবাৰী, নিলখিয়া চৰলৈকে খোজকাঢ়ি বা দুচকীয়া, চাৰিচকীয়া বাহন, ট্ৰেক্টৰ অথবা চাইকেলেৰে যাতায়ত কৰে ৰাইজে । ইপিনে IWAI ৰ ধুবুৰী জাহাজ বন্দৰৰ পৰা বাংলাদেশলৈ শিল কঢ়িয়াবলৈ অহা বাংলাদেশৰ পাঁচখনকৈ জাহাজ দহদিনে আবদ্ধ হৈ আছে লুইতৰ বক্ষত । ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ ফলত ধুবুৰী জাহাজ বন্দৰৰ নিলগৰ এটা চৰত আৱদ্ধ হৈছে বাংলাদেশৰ জাহাজসমূহ ।

লগতে বহু কষ্টৰে দিন ৰাতি পাৰ কৰিছে বাংলাদেশৰ ২০ জনকৈ নাগৰিকে । বৰ্তমানে ব্ৰহ্মপুত্ৰৰ বুকুত ড্ৰেজিঙৰ কাম চলিছে যদিও শীঘ্ৰেই নদী খনন কৰিবলৈ বাংলাদেশৰ নাগৰিকসকলে আহ্বান জনাইছে ভাৰত চৰকাৰক । ২০১৬ চনত ভাৰত, ভূটান আৰু বাংলাদেশৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত বিগত প্ৰায় ৪/৫ বছৰ ধৰি ভূটানৰ পৰা ধুবুৰী হৈ বাংলাদেশৰ চিলমাৰীলৈ শিল আৰু কয়লাৰ ৰপ্তানি চলিছে ।

কিন্তু ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ কমি যোৱাৰ ফলত তিনিখন দেশৰ বাণিজ্যিক ক্ষেত্ৰলৈ আহিছে চৰম ভাবুকি। বিগত দহটা দিনে বাংলাদেশলৈ শিল কয়লাৰ ৰপ্তানি বৰ্তমান বন্ধ হৈ পৰাৰ ফলত ভাৰত আৰু ভূটান চৰকাৰে বৃহৎৰাজহ হেৰুৱাব লগীয়া হৈছে । সমান্তৰালভাৱে আমদানি আৰু ৰপ্তানিকৰ্তাসকলেও লোকচানৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :Poor road condition in Samaguri: অক্সিজেন কোম্পানীৰ বাহনৰ বাবে গেন্ধালি-বৰদল সংযোগী পথত সৃষ্টি প্ৰকাণ্ড গাঁত

ABOUT THE AUTHOR

...view details