মানকাচৰ, 10 নৱেম্বৰঃ মানকাচৰত নিচাজাতীয় ঔষধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মানকাচৰ নিউ মাৰ্কেটত অভিযান চলাই ৪৫৮ টা নিচাজাতীয় AKS-PROIMEVAN নামৰ ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷ ঔষধখিনিৰ লগতে আৰক্ষীয়ে দুজনকৈ ব্যৱসায়ীকো আটক কৰে ৷ ধৃত ব্যৱসায়ী দুজন হ’ল মানকাচৰ সৰকাৰ পাৰা নিউ মাৰ্কেটৰ শোনা মিঞা আৰু মানকাচৰ ২নং পুৱেৰ গাওঁৰ ইলিয়াছুৰ ৰহমান ৷
মানকাচৰত নিচাজাতীয় ঔষধসহ দুজনক গ্ৰেপ্তাৰ - Mankachar new market
আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মানকাচৰ নিউ মাৰ্কেটত অভিযান চলাই ৪৫৮ টা নিচাজাতীয় AKS-PROIMEVAN নামৰ ঔষধ জব্দ কৰে | ঔষধখিনিৰ লগতে আৰক্ষীয়ে দুজনকৈ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷
![মানকাচৰত নিচাজাতীয় ঔষধসহ দুজনক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5022389-thumbnail-3x2-d.jpg)
মানকাচৰত নিচাজাতীয় ঔষধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি মানকাচৰ সীমান্তৰ পৰা বাংলাদেশলৈ ড্ৰাগছ জাতীয় ঔষধৰ চোৰাং ব্যৱসায় অব্যাহত আছে ৷ সম্প্ৰতি জালত পৰা ধৃত ব্যৱসায়ী দুজনৰ পৰা অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷