অসম

assam

ETV Bharat / state

APCC Press Conference: 1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা

অহা 1 নৱেম্বৰত ধুবুৰীৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা (Bharat jodo yatra in Assam)৷ এই যাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰাৰ লগতে নিখিল ভাৰত কংগ্ৰেছ নেত্ৰী তথা গান্ধী পৰিয়ালৰ ফালৰ পৰা প্ৰিয়ংকা গান্ধীৰ (Congress leader Priyanka Gandhi) উপৰিও জ্যেষ্ঠ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং (Congress leader Jitendra singh) আৰু অসমৰ বহু কেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকিব ৷

Manjit Mahanta press meet on Bharat jodo yatra
1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা

By

Published : Oct 21, 2022, 6:51 AM IST

ধুবুৰী, 21 অক্টোবৰ: "বৰপেটাত কংগ্ৰেছৰ দুৰ্গ ইমানেই শক্তিশালী যে বিজেপি ভয়াৰ্ত ৷ সেইবাবেই বিজেপিয়ে এতিয়াৰ পৰা বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ কংগ্ৰেছৰ গাত জোৰ আছে, বিজেপিয়ে স্বাভাৱিক ভাৱে কংগ্ৰেছক টাৰ্গেট কৰিছে ৷ আমাক বিজেপিয়ে সপোনতো দেখে ভয়তে ৷" বৃহস্পতিবাৰে ধুবুৰী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ মেডিয়া চেলৰ অধ্যক্ষ মনজিৎ মহন্তই এখন সংবাদ মেল অনুষ্ঠিত কৰি এই মন্তব্য প্ৰকাশ কৰে (Manjit Mahanta press meet on Bharat jodo yatra) ৷

1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা

অহা 1 নৱেম্বৰত ধুবুৰীৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা (Bharat jodo yatra in Assam)৷ এই সম্পৰ্কে উল্লেখ কৰি মহন্তই কয় যে ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা প্ৰায় 830 কিলোমিটাৰ পথ অতিক্ৰম কৰিব ৷ এই যাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ কৰ্মী যোগদান কৰাৰ লগতে নিখিল ভাৰত কংগ্ৰেছ নেত্ৰী তথা গান্ধী পৰিয়ালৰ ফালৰ পৰা প্ৰিয়ংকা গান্ধীৰ (Congress leader Priyanka Gandhi) উপৰিও জ্যেষ্ঠ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং (Congress leader Jitendra singh) আৰু অসমৰ বহু কেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকিব ৷

আনহাতে এই সংবাদমেলত এ আই ইউ ডি এফ আৰু বিজেপিক চোকা ভাষাৰে সমালোচনা কৰি বিজেপিৰ অপশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা বুলি এই মন্তব্য মনজিৎ মহন্তই (Manjit Mahanta slams AIUDF and BJP) ৷

তেওঁ কয় যে কংগ্ৰেছ দল এটা গণতান্ত্ৰিক ৰাজনৈতিক দল বাবেই নিখিল ভাৰত কংগ্ৰেছৰ সভাপতিৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। বিজেপি দল যদি গণতান্ত্ৰিক দল তেন্তে ৰাষ্ট্ৰীয় দলটোৰ সভাপতি নিৰ্বাচিত কৰি দেখুৱাক। বিজেপিত নিশাৰ ভাগতেই সলনি হয় সভাপতি ৷ দায়িত্ব লাভ কৰে নাম নথকা ব্যক্তিয়েও ৷ এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ কেতিয়াও ৰাজনৈতিক মিত্ৰতা নহয় ৷

ইয়োৰপৰি এ আই ইউ ডি এফক সমালোচনা কৰি লগতে মহন্তই কয় যে, আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ বিজেপিৰ বি টিম ৷ কংগ্ৰেছ কোনো ক্ষেত্ৰতেই দুৰ্বল নহয়, আগন্তক লোকসভা নিৰ্বাচনত অসমৰ 14 আসনতেই কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ কংগ্ৰেছৰ দখলত থকা তিনি সমষ্টিৰ উপৰিও 8/9 খন আসন কংগ্ৰেছে লাভ কৰিব ৷

বিজেপি চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে যি ধৰণে প্ৰতিবাদ কৰিব লাগিছিল সেই ধৰণে প্ৰতিবাদ কৰা হোৱা নাই নেকি বুলি সাংবাদিকৰ প্ৰশ্নোত্তৰত মনজিৎ মহন্তই মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি কেলেংকাৰীৰ প্ৰসংগ উপস্থাপন কৰি কয় যে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিখন জিলাতেই প্ৰতিবাদ হৈছে কংগ্ৰেছৰ উদ্যোগত । কিন্তু কংগ্ৰেছৰ এনে প্ৰতিবাদী কাৰ্যসূচী যি ধৰণে সংবাদ মাধ্যমত প্ৰচাৰ হব লাগিছিল সেই ধৰণে প্ৰচাৰ হোৱা নাই ৷

উল্লেখ্য যে, সংবাদমেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ধুবুৰী ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি সামচুল ইছলামৰ উপৰিও প্ৰদেশ কংগ্ৰেছে জ্যেষ্ঠ নেতা মেহদি আলম বৰা, বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আব্দুছ ছোৱাহান আলী সৰকাৰৰ উপস্থিতিত এখন কৰ্মীসভা অনুষ্ঠিত কৰে প্ৰদেশ কংগ্ৰেছৰ মেডিয়া চেলৰ অধ্যক্ষ মনজিৎ মহন্তই ৷ এই সভাত ১ নৱেম্বৰৰ পৰা ধুবুৰী জিলাত হ’বলগীয়া ভাৰত জোড়ো যাত্ৰাৰ চাৰিদিনীয়া কাৰ্যসূচীৰ প্ৰতি গুৰুত্ব আৰোপ কৰি বিভিন্ন দিশ সামৰি লৈ আলোচনা কৰা হয় ৷ এই কাৰ্যসূচীৰ বাবে ধুবুৰী জিলাৰ মেডিয়া চেলৰ অধ্যক্ষ হিচাপে সাংবাদিক মোস্তাফিজুৰ ৰহমানক সভাই নিযুক্তি দিয়ে ।

লগতে পঢ়ক:Centre awarded Tripura: PMAY Urban প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে ত্ৰিপুৰাক পুৰস্কৃত

ABOUT THE AUTHOR

...view details