পশ্চিম বিলাসীপাৰা,8 মে’:ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ইতিমধ্যে এই মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে বহু লোকে ৷ ইয়াৰ মাজতে বিলাসীপাৰাত সংঘটিত হৈছে এক হৃদয় বিদাকৰ ঘটনা ৷ মাজনিশা প্ৰবল বৰষুণৰ মাজতে কৰ’ণাত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ পৰি থাকিল ৰাজপথত ৷ মৃতদেহ সৎকাৰৰ বাবে ওলাই নাহিল কোনো লোক ৷
উল্লেখ্য যে, বুধবাৰে বিলাসীপাৰা চহৰৰ 3নং ৱাৰ্ডৰ বাসিন্দা স্বপন কুমাৰ ৰায়ৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ভাইৰাছ ৷ ততাতৈয়াকৈ তেওঁক বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও শুকুৰবাৰে চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বাবে ব্যক্তিগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকে চমজাই ল’বলৈ অস্বীকাৰ কৰে ৷