ধুবুৰী, 28 ছেপ্টেম্বৰ: ধুবুৰীবাসীৰ বাবে সুখবৰ ৷ পূৰ্বে উচ্চ শিক্ষা গ্ৰহণৰ বাবে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকল যাব লাগিছিল বহু দূৰ-দূৰণিৰ মহাবিদ্যালয়লৈ ৷ এই ক্ষেত্ৰত আৰ্থিক দিশত স্বচ্ছল নোহোৱা বহু পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত থমকিব লগা হৈছিল ৷
কিন্তু এতিয়া আৰু উচ্চ শিক্ষাৰ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকল যাব নালাগে দূৰ-দূৰণিলৈ ৷ কিয়নো এতিয়া ধুবুৰীতে গ্ৰহণ কৰিব পাৰিব উচ্চ শিক্ষা ৷ ধুবুৰীৰ ডুমুৰদহত মঙলবাৰে মুকলি হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (Mahapurush Srimanta Sankardev University opened in Dhubri) ৷
ডুমুৰদহ শংকৰদেৱ সংঘৰ চৌহদত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে মূখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মহাবিদ্যালয়খনৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে (University for higher education in Dhubri)। প্ৰথম অৱস্থাত অসমীয়া, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, ইংৰাজী, বুৰঞ্জী আৰু দৰ্শন- এই ছটা বিষয়ত আৰম্ভ হ’ব পাঠদান। ইয়াৰ বাবে ইতিমধ্যে এক আন্তঃগাঁথনি তৈয়াৰ হোৱা বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে (Mahapurush Srimanta Sankardev University Inauguration)।
আনহাতে মহাবিদ্যালয়খনত নাম ভৰ্তি প্ৰক্ৰিয়া মঙলবাৰৰ পৰাই আৰম্ভ হৈছে (Admission process started in MSSU) ৷ এই নাম ভৰ্তি প্ৰক্ৰিয়া অক্টোবৰ মাহলৈকে অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কগৰাকীয়ে । মনকৰিবলগীয়া যে আৰ্থিক দিশত দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয় কতৃপক্ষই মাছুলৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰাৰো পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কগৰাকীয়ে ।