অসম

assam

ETV Bharat / state

হৰিনামেৰে মুখৰিত পশ্চিমবংগৰ মধুপুৰ সত্ৰ

অসম চৰকাৰৰ পৰ্যাটন বিভাগে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম সত্ৰ মহাসভাৰ সভাপতি তথা মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে ৷

By

Published : Jan 9, 2020, 10:30 AM IST

হৰিনামেৰে মুখৰিত পশ্চিমবংগৰ মধুপুৰ সত্ৰ
হৰিনামেৰে মুখৰিত পশ্চিমবংগৰ মধুপুৰ সত্ৰ

ধুবুৰী, 9 জানুৱাৰীঃগুৰুজনাৰ সত্ৰীয়া সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা আৰু অনিবাৰ্য কাৰণত স্থগিত ৰখা মধুপুৰ মহোৎসৱ আনুষ্ঠানিক ভাৱে আৰম্ভ হ'ল বুধবাৰে ৷ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱ গুৰুজনাই মহাপ্ৰয়াণ কৰা পশ্চিমবংগৰ কোচবিহাৰ জিলাত অৱস্থিত মধুপুৰ সত্ৰত বুধবাৰৰ পৰা আৰম্ভ হয় মধুপুৰ মহোৎসৱ ৷

কোচবিহাৰ জিলাত অৱস্থিত মধুপুৰ সত্ৰত মধুপুৰ মহোৎসৱ

অসম চৰকাৰৰ পৰ্যাটন বিভাগে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম সত্ৰ মহাসভাৰ সভাপতি তথা মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে সত্ৰ সমিতিৰ সম্পাদক কুমাৰ দীপক দাস,শিক্ষাবিদ ডাঃ ৰবীন দাস,অসম পৰ্যাটন বিভাগৰ সঞ্চালক দেৱ মিশ্ৰ আদিকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি ৷ দিনৰ ভাগত পশ্চিম বংগৰ থিয়নাম দলে কোচবিহাৰৰ মদনমোহন মন্দিৰত থিয়নাম পৰিৱেশন কৰে ৷ সন্ধাৰ ভাগলৈ জনপ্ৰিয় শিল্পী খগেন গগৈ আৰু তেখেতৰ শিল্পী দলে টোকাৰী গীত,সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন কৰে ৷ আনহাতে বৃহস্পতিবাৰে পুৱাৰ পৰা মধুপুৰ সত্ৰত নাম প্ৰসংগ আৰু সাংস্কৃতিক শোভাযাত্ৰা,থিয়নাম সাংস্কৃতিক সমাৰোহ আদি অনুষ্ঠিত হ'ব ৷

হৰিনামেৰে মুখৰিত পশ্চিমবংগৰ মধুপুৰ সত্ৰ

লগতে চাওকঃবিশ্বনাথ জিলা উন্নয়নৰ সমিতিৰ পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details