ধুবুৰী, ১৭ ফেব্ৰুৱাৰী:বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা বিশ্বৰ সবাটোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ 'এম ভি গংগা বিলাসে' (World's longest river cruise Ganga Vilas) বাংলাদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে আহি আজি বিয়লি ধুবুৰী পায়হি ৷ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটৰ সমীপৰ পৰা জাহাজখনত যাত্ৰা কৰা মুঠ ২৮ গৰাকী বিদেশী পৰ্যটকক এম ভি প্ৰতিমা নামৰ আন এখন সৰু জাহাজেৰে জাহাজঘাটলৈ অনা হয় ৷
এই পৰ্যটকসকলক ধুবুৰীত পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে লোকসকলে আদৰণি জনায় ৷ ইয়াৰ পাচত Immigration Counterত বিদেশী পৰ্যটকসকলৰ যাৱতীয় নথি পৰীক্ষা কৰা হয় ৷ জাহাজঘাটতে স্থাপন কৰা অস্থায়ী মণ্ডপত তেওঁলোকে কোচ ৰাজবংশী লোকনৃত্য, গোৱালপৰীয়া লোকগীত আদি উপভোগ কৰে ৷
পৰ্যটকসকলে বিভিন্ন আত্মসহায়ক গোটে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰাচীন মুদ্ৰাৰ প্ৰদৰ্শনী চাই আপ্লুত হয় ৷ পৰ্যটকসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা পিঠা-পনাৰে আপ্যায়ন কৰোৱা হয় ৷ ইয়াৰ পিচতে পৰ্যটকৰ দলটো পুনৰ এম ভি প্ৰতিমাত উঠি এম ভি গংগা বিলাসলৈ (Longest luxury river cruise) ৰাওনা হয় ৷ তাতে তেওঁলোকে নিশাটো কটাব ৷