পশ্চিম বিলাসীপাৰা, 27 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে অসম জাতীয় পৰিষদ (AJP) দলেও বিলাসীপাৰাত বজালে ৰনশিঙা | শনিবাৰে বিলাসীপাৰাত অসম জাতীয় পৰিষদ (AJP)ৰ এখন জাতীয় জাগৰণ আৰু যোগদান সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দলৰ সভাপতি লুৰিণ জ্যোতি গগৈ ৷
সভাৰ অন্তত সাংবাদিকক সম্বোধন কৰি লুৰিণে কয়, এইবাৰ অসম জাতীয় পৰিষদৰ নেতৃত্বত চৰকাৰ হ'ব ৷ বিজেপি দলৰ সাম্প্ৰদায়িক ভাবধাৰাৰ পৰা মুক্ত হৈ তথা কংগ্ৰেছ, এআইইউডিএফ দলৰ মিথ্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অসম জাতীয় পৰিষদক অসমৰ ৰাইজে বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰে লুৰিণে ৷