পূৱ বিলাসীপাৰা, 6 ছেপ্টেম্বৰ : কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক লৈ উমি উমি জ্বলি আছে নামনি অসম । ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীৰ মাজত বিভেদৰ ৰাজনীতিৰে বিজেপিয়ে গৃহ কন্দল লগাব খোজাৰ অভিযোগ ৷ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক লৈ এইবাৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ প্ৰস্তুত সমন্বয় সমিতি ৷ প্ৰতাৰণা,আৰু প্ৰৱঞ্চনাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু ২১ ৰ নিৰ্বাচনত । চাপৰত এক সংবাদ মেলত এই মহা বিস্ফোৰণ অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা,নাথ-যোগী, সূত্ৰধৰ আৰু গৰিয়া-মৰিয়া দেশী জনোগোষ্ঠী সমন্বয় সমিতিৰ ৷
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত ৫০ শতাংশ আসন সংৰক্ষণৰ দাবী - নামনি অসম
অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা,নাথ-যোগী, সূত্ৰধৰ আৰু গৰিয়া-মৰিয়া দেশী জনোগোষ্ঠীয় সমন্বয় সমিতিয়ে পূৱ বিলাসীপাৰাৰ চাপৰ ইয়ং ক্লাৱত এক বৈঠক মিলিত হোৱাৰ পিছত সংবাদ মেল আয়োজন কৰি এই কথা সদৰি কৰে যে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ মাজত বিভেদৰ ৰাজনীতিৰে গৃহকন্দল লগাব খুজিছে বিজেপিয়ে ৷
![কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত ৫০ শতাংশ আসন সংৰক্ষণৰ দাবী lower Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8705832-760-8705832-1599431074098.jpg)
অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা,নাথ-যোগী, সূত্ৰধৰ আৰু গৰিয়া-মৰিয়া দেশী জনোগোষ্ঠীয় সমন্বয় সমিতিয়ে পূৱ বিলাসীপাৰাৰ চাপৰ ইয়ং ক্লাৱত এক বৈঠক মিলিত হোৱাৰ পিছত সংবাদ মেল আয়োজন কৰি এই কথা সদৰি কৰে যে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ মাজত বিভেদৰ ৰাজনীতিৰে গৃহকন্দল লগাব খুজিছে বিজেপিয়ে ৷ ইয়াৰ লগতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ প্ৰস্তুত সমন্বয় সমিতি । ইয়াৰ লগতে প্ৰতাৰণা,আৰু প্ৰৱঞ্চনাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু ২০২১ চনৰ হ'বলগীয়া নিৰ্বাচনত আৰু সংগঠন কেইটাই কয় যে যদি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত ৫০ শতাংশ আসন সংৰক্ষিত নহয়, অইন অইন জাতি জনগোষ্ঠীৰ বাবে তেনেহ’লে গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলা হ’ব ।
লগতে পঢ়ক :কিহৰ বাবে বাৰে বাৰে ভাঙোনমুখী হয় অগপ ! কেৰোণ ক’ত ?