ধুবুৰী, 1 জানুৱাৰী:নতুন বছৰৰ আৰম্ভণিতে এটা অতি বেয়া খবৰ ৷ যি খবৰ আপোনাক জনোৱাৰ ইচ্ছা নাথাকিলেও আমি জনাবলৈ বাধ্য ৷ আচলতে, এই খবৰ শুনিলে বা জানিলে ভাবিবলৈ বাধ্য হ’ব আপুনি ৷ কোন দিশে গতি কৰিছে আমাৰ যুৱ প্ৰজন্ম ৷ কাৰণ নাবালক প্ৰেমিক-প্ৰেমিকাই বাচি ল’লে চৰম সিদ্ধান্ত(Dhuburi suicide case) ৷
প্ৰেম সকলোৰে জীৱনলৈ আহে । প্ৰেম নোহোৱাকৈ কোনেও জীয়াই থাকিব নোৱাৰে । কিন্তু কিছু প্ৰেম কাহিনীয়ে বহু কথা ভাবিবলৈ বাধ্য কৰি তোলে ৷ তেনে মৰ্মান্তিক তথা হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰাৰ বালুঘাটত(Lovers committed suicide in Dhubri) ৷ প্ৰেম সাগৰত ডুব গৈ তথা প্ৰেমিক-প্ৰেমিকাই হতাশাত ভুগি একেজোপা গছতে একেডাল ৰছীৰে চিপ লৈ কৰিলে আত্মহত্যা(Lovers found hanging from one tree) ৷ শনিবাৰে অৰ্থাৎ বছৰটোৰ শেষ নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
উল্লেখ্য যে, দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত বালাডোবাৰ ধেনাৰকুটি গাঁৱৰ হজৰত আলী নামৰ নাবালকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল একে অঞ্চলৰ বৰকতপুৰ গাঁৱৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মেৰিনা খাতুনৰ সৈতে ৷ কিন্তু শনিবাৰে নিশা ওচৰৰে এখন পথাৰ এজোপা গছত একেডাল ৰছীৰে ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় দুয়োৰে মৃতদেহ(Two lovers commit suicide by hanging on one tree) ৷ নিশা স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰে মৃতদেহ দুটা ৷ ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত দক্ষিণ শালমাৰা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদহে ৷