বিলাসীপাৰা, 29 জানুৱাৰীঃ পুনৰ সংঘটিত হ’ল প্ৰেম প্ৰতাৰণাৰ ঘটনা ৷ ৰঙাঘৰৰ আলহী হ’ল প্ৰতাৰক হিচাপে অভিযুক্ত এগৰাকী যুৱক ৷ বিলাসীপাৰাত সংঘটিত হৈছে এনে এক ঘটনাৰ ৷ মিছক’লত চিনাকী হৈ প্ৰেমৰ পৰ্যায় পালে এহাল যুৱক-যুৱতী ৷ ঘটনা অনুসৰি মঙলদৈৰ কুলদ্বীপ হাজৰিকা নামৰ যুৱকে নিজকে মুন্না হুছেইন নামৰে পৰিচয় দি বিলাসীপাৰাৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱতীৰ সৈতে কৰি আছিল প্ৰেমৰ সম্পৰ্ক ৷ নিজকে আৰক্ষী বুলি পৰিচয় দি প্ৰেমৰ অভিনয় ৰচি থকা বুলি অভিযোগ উত্থাপিত কৰে যুৱতীগৰাকী তথা সম্বন্ধীয়ই ৷
যুৱতীক প্ৰেমৰ চলেৰে প্ৰতাৰিত কৰি জেললৈ গ’ল যুৱক
প্ৰেমৰ চলনাৰে যুৱতীক প্ৰতাৰণা যুৱকৰ ৷ বিলাসীপাৰাত সংঘটিত হ’ল এই ঘটনা ৷ জেললৈ যাব লগা হ’ল প্ৰৱঞ্চক প্ৰেমিক ৷
আনহাতে বিগত দুমাহ ধৰি চলাই আছিল এই ভুৱা প্ৰেমৰ সম্পৰ্ক ৷ মঙলবাৰে নিশা কুলদ্বীৰ হাজৰিকা ওৰফে মুন্না হুছেইনে বিলাসীপাৰাত উপস্থিত হয় আৰু আৰু যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰলোভন দিয়ে ৷ কিন্তু যুৱতীগৰাকীক ভুৱা বিয়াৰ প্ৰলোভন দি অসৎ কাৰ্য সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীয়ে ৷ ইয়াৰ পিচত নিশাই যুৱকগৰাকীয়ে যুৱতীগৰাকীক এৰি পলায়নৰ চেষ্টা চলাওঁতেই ধৰা পৰে ৰাইজৰ হাতত ৷ পৰবৰ্তী সময়ত ৰাইজে যুৱকজনৰ প্ৰকৃত পৰিচয় বিচাৰ কৰি বিলাসীপাৰা থানাত চমজাই দিয়ে ৷ সম্প্ৰতি প্ৰতাৰক যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷