অসম

assam

ETV Bharat / state

দেশজুৰি লক ডাউনঃ ৰাজ্যৰ উজনীৰ পৰা নামনিলৈ প্ৰভাৱ সৰ্বাত্মক - এম্বুলেন্স চালকৰ ৰূপত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া

লক ডাউনৰ প্ৰভাৱ
লক ডাউনৰ প্ৰভাৱ

By

Published : Mar 25, 2020, 4:13 PM IST

Updated : Mar 25, 2020, 5:24 PM IST

17:05 March 25

ডুমডুমা, শিৱসাগৰ আৰু ডিব্ৰুগড়ত চেনিটাইটেজেশ্যন

ডুমডুমা, শিৱসাগৰ আৰু ডিব্ৰুগড়ত চেনিটাইটেজেশ্যন

ডুমডুমা, 25 মাৰ্চঃ 21 দিনলৈ ঘোষিত লক ডাউনৰ সময়ত ডুমডুমা নগৰৰ কেইবাটাও অঞ্চল অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত ছেনিটাইজ কৰে ৷ ডুমডুমা আৰক্ষী থানাৰ চৌহদৰ লগতে নিয়মীয়া বজাৰ, আজাদ ৰোড, কলিয়াপানী আদি অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীক লোকসকলে ছেনিটাইজ কৰে ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে নগৰখনত কাইলৈ পুণৰ ছেনিটাইজ কৰা হ'ব বুলিও জনায় ৷

ডিব্ৰুগড়ঃডিব্ৰুগড়ৰ বিভিন্ন ঠাইত বৰ্তমান বহিঃ ৰাজ্যৰ লোক প্ৰৱেশ কৰা বুলি এক তথ্য পোহৰলৈ আহিছে ৷ যাৰ বাবে যথেষ্ট শংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷ ডিব্ৰুগড়ত জিলা প্ৰশাসন, পৌৰসভা আৰু এনজিঅ আশীৰ্বাদৰ সহযোগিতাত আজি চহৰৰ বিভিন্ন অঞ্চল চেনিটাইজ কৰা হয় ৷  

শিৱসাগৰঃ একেদৰে আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগতো ৰাজহুৱা স্থান পৰিস্কাৰ অভিযান আৰম্ভ কৰিছে ৷ শিৱসাগৰ ৰাজহ চক্ৰ এলেকাত এনে পৰিস্কাৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে জিলা উপায়ুক্তই বিভিন্ন টাস্কফৰ্চ গঠন কৰি দিছে ৷ বিভিন্ন বিভাগৰ দ্বাৰ গঠিত এনে টাস্কফৰ্চ সমূহে পৰিস্কাৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে বিজানুনাশক ব্যৱস্থাও গ্ৰহণ কৰিছে ৷  

16:38 March 25

এম্বুলেন্স চালকৰ ৰূপত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া

এম্বুলেন্স চালকৰ ৰূপত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া

গোলাঘাট, 25 মাৰ্চঃখুমটাইৰ বিধায়ক মৃণাল শইকীয়াই বানপানীৰ সময়ত বানাক্ৰান্তক উদ্ধাৰ কৰা, খাদ্য সামগ্ৰী যোগান ধৰিবলৈ ব্যৱহাৰ কৰা বাহন এইবাৰ এম্বুলেন্সৰ ৰূপত । বিধায়ক মৃণাল শইকীয়াই নিজেই চলাইছে কৰিছে এম্বুলেন্স খন ৷ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসালয় লৈ অনা আৰু চিকিৎসালয়ৰ পৰা নি ঘৰত ৰখাৰ দৰে কাৰ্য পৰিচালনা কৰিছে মৃণাল শইকীয়াৰ এম্বুলেন্সে ৷ বুধবাৰে বিধায়ক মৃণাল শইকীয়াই শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা আৰম্ভ কৰে এই এম্বুলেন্স সেৱা ৷

16:14 March 25

কামপুৰৰ পূৱ তেতেলিসৰা গাঁৱত ব্যতিক্ৰমী পদক্ষেপেৰে লক ডাউন

কামপুৰৰ পূৱ তেতেলিসৰা গাঁৱত ব্যতিক্ৰমী পদক্ষেপেৰে লক ডাউন

কামপুৰ, 25 মাৰ্চঃপ্ৰধানমন্ত্ৰীৰ লক ডাউনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে কামপুৰৰ এখন গাঁৱে ৷ কামপুৰৰ পূৱ তেতেলিসৰা গাঁৱৰ ৰাইজে গাঁৱৰ প্ৰৱেশ পথত আঁৰিলে গাঁও বন্ধৰ ফলক ৷ জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিলে গাঁওখনত ৷ গাঁৱৰ প্ৰৱেশ পথত ৰাখিছে পানী আৰু চাবোন ৷ হাত ধুইহে গাঁৱত প্ৰৱেশ কৰিব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে গাঁওবা

15:40 March 25

ধুবুৰীত লক ডাউনৰ প্ৰভাৱ

ধুবুৰীত লক ডাউনৰ প্ৰভাৱ

ধুবুৰী, 25 মাৰ্চঃ মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে  প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা 21ম দিনীয়া লক ডাউনৰ প্ৰতি সঁহাৰি জনাইছে ধুবুৰী বাসীয়ে ৷ লক ডাউনৰ সময়ত ধুবুৰীত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে জনজীৱন ৷  

Last Updated : Mar 25, 2020, 5:24 PM IST

ABOUT THE AUTHOR

...view details