অসম

assam

ETV Bharat / state

শ্ববেৱৰাতৰ নিশা জনশূন্য ধুবুৰীৰ মছজিদ - Local muslims leaders and members advice to pray at home for SHAB-E-BARAT

মছজিদত তিনি জনতকৈ অধিক লোক নামাজত একগোট হ'ব নোৱাৰিব । সেয়ে প্ৰশাসনৰ আহ্বানক সহাঁৰি জনাই ধুবুৰী জিলাৰ প্ৰতিটো মছজিদ কমিটিয়ে আজি শ্ববেৱৰাতৰ নিশা মছজিদৰ পৰিৱৰ্তে নিজৰ ঘৰত শ্ববেৱৰাতৰ নামাজ আদায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

জনশূন্য ধুবুৰীৰ মছজিদ
জনশূন্য ধুবুৰীৰ মছজিদ

By

Published : Apr 9, 2020, 8:57 PM IST

ধুবুৰী, 9 এপ্ৰিল :আজি শ্ববেৱৰাতৰ নিশা । ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আজি অতি পৱিত্ৰ দিন আৰু নিশা । শ্ববেৱৰাতৰ নিশা লোকে লোকৰণ্য হৈ পৰে প্ৰতিটো প্ৰান্তৰ মছজিদসমূহ । কিন্তু বৃহস্পতিবাৰৰ শ্ববেৱৰাতৰ নিশাৰ পৰিৱেশ সম্পূৰ্ণ পৃথক। জনশূন্য হৈ আছে ধুবুৰীৰ প্ৰতিটো মছজিদৰ প্ৰাঙ্গন আৰু ৰাজপথ ।

জনশূন্য ধুবুৰীৰ মছজিদ

এজনৰ পৰা আনজনলৈ কৰ'ণা ভাইৰাছ যাতে সংক্ৰমণ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লকডাউনৰ মাজেদি কিছু নিষেধাজ্ঞা জাৰি কৰিছে । সেইমতে মছজিদত তিনি জনতকৈ অধিক লোক নামাজত একগোট হ'ব নোৱাৰিব। সেয়ে প্ৰশাসনৰ আহ্বানক সহাঁৰি জনাই ধুবুৰী জিলাৰ প্ৰতিটো মছজিদ কমিটিয়ে আজি শ্ববেৱৰাতৰ নিশা মছজিদৰ পৰিৱৰ্তে নিজৰ ঘৰত শ্ববেৱৰাতৰ নামাজ আদায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে সকলো মছজিদ কমিটিৰ ফালৰ পৰা সকলো ৰাইজক নিজৰ নিজৰ ঘৰত আবদ্ধ হৈ থাকি আল্লাহৰ ইবাদত কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনাইছে।

For All Latest Updates

ABOUT THE AUTHOR

...view details