ধুবুৰী, 12 জানুৱাৰী : ১৯৬৩-৬৪ চনৰ পৰা অসমীয়া সাহিত্য জগতৰ সৈতে জড়িত থাকি আঠ খনকৈ গ্ৰন্থ লিখি উলিওৱা ধুবুৰীৰ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি পাচু গোপাল চক্ৰৱৰ্তী আজি অৱহেলিত। পদ্মবিভূষণ বঁটাৰ বাবে মনোনীত হৈয়ো বঞ্চিত সাহিত্যিক গৰাকী।
বিশিষ্ট সাহিত্যিক পাচু গোপাল চক্ৰৱৰ্তীক সাহিত্য একাডেমী বঁটাৰ বাবে মনোনীত কৰাৰ দাবী অসমীয়া জাতিৰ বাবে অসমীয়া সাহিত্য জগতখনলৈ সুদীৰ্ঘ বছৰে অৱদান আগবঢ়াই অহা সাহিত্যিক পাচু গোপাল চক্ৰৱৰ্তীৰ ঘৰত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন । যাক আদি ভাষা হিচাপে উল্লেখ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে "আমি কেতিয়াৰ পৰা অসমীয়া হ’লো", "অসমৰ আদি ৰূপ প্ৰাগজ্যোতিষ- লৌহিত্য আৰু কামৰূপ কমতা" আদিকে ধৰি ইতিমধ্যে আঠখনকৈ মূল্যৱান গ্ৰন্থ লিখি উলিয়াইছে ।
বিশিষ্ট সাহিত্যিক পাচু গোপাল চক্ৰৱৰ্তীক সাহিত্য একাডেমী বঁটাৰ বাবে মনোনীত কৰাৰ দাবী ২০০৫ চনৰ পৰা ২০০৭ লৈ অসম সাহিত্য সভাৰ উপ সভাপতিৰ দৰে গুৰু দায়িত্ব লাভ কৰা বিশিষ্ট সাহিত্যিক গৰাকীয়ে কেইবছৰমান পূৰ্বে পদ্ম বিভূষণ বঁটাৰ বাবে মনোনীত হৈছিল যদিও ৰহস্যজনক কাৰণত বঞ্চিত হ’বলগীয়া হৈছিল । একেদৰে আন কেইবাটাও বঁটাৰ বাবে নিৰ্বাচিত হৈছিল যদিও শেষত নামটো কৰ্তন কৰা হৈছিল ।
বিশিষ্ট সাহিত্যিক পাচু গোপাল চক্ৰৱৰ্তীক সাহিত্য একাডেমী বঁটাৰ বাবে মনোনীত কৰাৰ দাবী এইগৰাকী সাহিত্যিকৰ জীৱন পৰিক্ৰমাৰ বিষয় জনাৰ পিছত দুখ অনুভৱ কৰাৰ লগতে বৰেণ্য সাহিত্যিক গৰাকীক সাহিত্য একাডেমী বঁটা প্ৰদানৰ বাবে সংবাদমেলৰ জৰিয়তে চৰকাৰলৈ দাবী গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে।
লগতে পঢ়ক: অসম আহি পালে ক'ভিডৰ ভেকচিন