অসম

assam

ETV Bharat / state

ধুবুৰী জিলা প্ৰশাসনক LIC আৰু পিৰামল ফাউণ্ডেশ্বন সহায় - LIC and Piramal Foundation move to help Dhubri district administration

ধুবুৰী জিলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহায় কৰিবলৈ আগবাঢ়ি আহিল এল আই চি (LIC)আৰু পিৰামল ফাউণ্ডেশ্বন (Piramal Foundation) । মঙলবাৰে ধুবুৰী জিলা উপায়ুক্তৰ হাতত সংস্থা দুটাই স্বাস্থ্য বিভাগৰ সহায় হোৱাকৈ বৃহৎ পৰিমাণৰ পিপিই কীট, মাস্ক আৰু অক্সি মিটাৰকে ধৰি বিভিন্ন সামগ্ৰী অৰ্পন কৰে ।

LIC and Piramal Foundation move to help Dhubri district administration
ধুবুৰী জিলা প্ৰশাসনক সহায়ৰ বাবে আগবাঢ়িল LIC আৰু পিৰামল ফাউণ্ডেশ্বন

By

Published : Jun 8, 2021, 10:56 PM IST

ধুবুৰী, 8 জুন :ধুবুৰী জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগ কৰিবলৈ আগবাঢ়ি আহিল এল আ ইচি (LIC) আৰু পিৰামল ফাউণ্ডেশ্বন (Piramal Foundation) । ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে এখন সভা অনুষ্ঠিত কৰি জিলা উপায়ুক্ত আনবামুথান এম পিৰ উপস্থিতিত 150 টা পিপিই কীট আৰু 750 খন N-95 মাস্ক অৰ্পণ কৰে এল আ ইচি (LIC) কৰ্তৃপক্ষই ৷

ধুবুৰী জিলা প্ৰশাসনক সহায়ৰ বাবে আগবাঢ়িল LIC আৰু পিৰামল ফাউণ্ডেশ্বন

ইফালে, পিৰামল ফাউণ্ডেশ্বন (Piramal Foundation) ৰ ৰাজ্যিক স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতিত পিৰামল ফাউণ্ডেশ্বনে (Piramal Foundation) জিলা উপায়ুক্তৰ হাতত 14 টা Oxizen Consentrator, 80 টা Pulse Oximeter ,500 খন N-95 Mask আৰু 100 খন Face shield অৰ্পন কৰে ৷

আনহাতে, অনাগত দিনত ক'ভিড পৰিস্থিতি অধিক ভয়াৱহ হ'লে ধুবুৰী জিলাৰ এখন ক'ভিড হাস্পতালৰ দায়িত্ব পিৰামল ফাউণ্ডেশ্বনে (Piramal Foundation) ল'ব বুলিও মন্তব্য কৰে ডাঃ দ্রুৱ জ্যোতি বৰাই ৷

লগতে পঢ়ক:ক'ভিশ্বিল্ড আৰু ক’ভেক্সিনৰ ৪৪ কোটি পালিৰ অৰ্ডাৰ কৰিছে চৰকাৰে

ABOUT THE AUTHOR

...view details