অসম

assam

By

Published : Dec 21, 2020, 9:09 PM IST

ETV Bharat / state

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অনুষ্ঠিত বক্তৃতা অনুষ্ঠান

সাম্প্ৰতিক পৰিস্থিতিৰ লগতে শিক্ষা বিভাগৰ পৰিৱৰ্তন আৰু নতুন শিক্ষা নীতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে, ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত সংস্কৃত বিভাগ আৰু প্ৰাক্তন ছাত্ৰ গোটৰ উদ্যোগত "Student Teacher Relation in the Context of Modern Education" বিষয়ত এখন গুৰুত্বপূৰ্ণ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ৷

ভোলানাথ মহাবিদ্যালয়
ভোলানাথ মহাবিদ্যালয়

ধুবুৰী, 21 ডিচেম্বৰ : বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সাম্প্ৰতিক পৰিস্থিতিৰ লগতে শিক্ষা বিভাগৰ পৰিৱৰ্তন আৰু নতুন শিক্ষা নীতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে, ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত সংস্কৃত বিভাগ আৰু প্ৰাক্তন ছাত্ৰ গোটৰ উদ্যোগত "Student Teacher Relation in the Context of Modern Education" বিষয়ত এখন গুৰুত্বপূৰ্ণ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীৰ সঞ্চালনাত মহাবিদ্যালয়ৰ ডিজিটেল কক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্য ৷

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অনুষ্ঠিত বক্তৃতা অনুষ্ঠান

শিক্ষা দান কৰা শিক্ষকৰ কাম আৰু শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ কাম ৷ যদিও শিক্ষা দান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া তেতিয়াই সাফল্য লাভ কৰিব যেতিয়া শিক্ষকে যিখিনি শিক্ষা দান কৰিব সেই খিনি শিক্ষা শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব পাৰিব বুলি অনুষ্ঠানত প্ৰদান কৰা ভাষণত উল্লেখ কৰে মুখ্য অতিথি গৰাকীয়ে ৷

মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্য

আনহাতে বিদ্যালয় বা মহাবিদ্যালয়ত নামভৰ্তিৰ দিনৰে পৰা শিক্ষকৰ সমান্তৰাকৈ এজন শিক্ষাৰ্থীৰো দায়িত্ব আৰম্ভ হয় আৰু যি দায়িত্ব আনৰ ক্ষেত্ৰত নহয় বুলিও তেওঁ মন্তব্য কৰে ৷ লগতে ছাত্ৰ বা শিক্ষক এজনৰ বেয়া কামে যেনেকৈ মহাবিদ্যালয় এখনক অৱনতিৰ ফালে লৈ যাব, ঠিক ভাল কামে মহাবিদ্যালয় এখনক উন্নতিৰ ফালে লৈ যাব বুলি কোৱাৰ ওপৰিও, নতুন শিক্ষা নীতি দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীৰ বাবে সহায়ক হ'ব বুলিও কয় তেওঁ ৷

লগতে পঢ়ক:নগাঁৱৰ ঐতিহাসিক চাপানালা পৰ্যটন ক্ষেত্ৰত নাই পৰ্যটকৰ ভিৰ

ABOUT THE AUTHOR

...view details