ধুবুৰী,৮ ডিচেম্বৰ :চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে শিক্ষা বিভাগ তথা চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । শিক্ষক নিযুক্তি, বিদ্যালয় একত্ৰিকৰণৰ উপৰিও কেইবাটাও পদক্ষেপ লৈছে চৰকাৰে । কিন্তু তাৰ পাছতো একাংশ চৰকাৰী বিদ্যালয়ত অৰাজকতা চলি আছে । ক'ৰৱাত যদি প্ৰধান শিক্ষকে দুৰ্নীতি কৰিছে আন ক'ৰৱাত আকৌ বিদ্যালয় পৰিচালনা সমিতিয়ে কৰা দুৰ্নীতিৰ বাবে পৰ্যাপ্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থীসকল ।
তেনে এখন বিদ্যালয় হৈছে ধুবুৰীৰ অহিৰউদ্দিন নামাগাঁও এল পি স্কুল । বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰিছে স্থানীয় লোকসকলে (Allegation against principal)। প্ৰথম অভিযোগ হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি । দ্বিতীয় অভিযোগ ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই পৰ্যপ্ত ডেস্ক-বেঞ্চ । তৃতীয় অভিযোগ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ নামত প্ৰধান শিক্ষকৰ ৰহস্যজনক ভূমিকা ।
আনকি বিদ্যালয়ৰ মাটি বেদখল কৰাৰো অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে (Principal encroached schools land in Dhubri)। স্থানীয় লোকৰ অভিযোগৰ পাছতো বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ । উল্লেখ্য যে ১৯৮৫ চনতে স্থাপন হোৱা চৰকাৰী বিদ্যালয়খনত আছে ১৭২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ । তাৰ বিপৰীতে প্ৰধান শিক্ষকসহ ৫ গৰাকীকৈ শিক্ষক আছে বিদ্যালয়খনত । কিন্তু দীৰ্ঘদিন ধৰি বিদ্যালয়খনত প্ৰধান শিক্ষক হামিদুৰ ৰহমানে অৰাজকতা চলাই আহিছে বুলি অভিযোগ উঠিছে ।
ৰাইজৰ মতে মন গলেই বিদ্যালয়ত উপস্থিত হোৱা প্ৰধান শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীৰ পাঠদানৰ নামত অৱহেলা কৰিছে । মাত্ৰ দুটা শ্ৰেণীকোঠাতে ১৭২ গৰাকী শিক্ষাৰ্থীক পাঠদান কৰিবলগীয়া হয় । একাংশ শিক্ষাৰ্থীক গছৰ তলতে দিয়া হয় পাঠ্যপুথিৰ জ্ঞান ।