পূৱ বিলাসীপাৰা, 30 জুন :ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহৰ লগতে অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান ৷ আন আন জিলাৰ সমান্তৰালকৈ ধুবুৰী জিলা আৰক্ষীয়ে (Dhubri police)ও ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত আংশিক লক ডাউন, সান্ধ্য আইন বলৱৎ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি জিলাই জিলাই একাংশ অসাধু লোকে চলাই গৈছে ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ পুনৰ ধুবুৰী জিলা আৰক্ষীয়ে (Dhubri police) আৰক্ষীয়ে চাপৰৰ শালকোচা বজাৰত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।
বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, চাপৰ আৰু শালকোচা আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত কৰি ৰখা বিলাতী সুৰাখিনি ৷ শালকোচা বজাৰত অশোক বৰ্মন নামৰ এজন লোকৰ ঘৰত অভিযান চলাই সুৰাখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অশোক বৰ্মন নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰায় 270 বটল বিলাতী সুৰাৰ লগতে 4,500 টকা জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ উমান পাই অশোক বৰ্মন পলাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে সুৰাখিনি জব্দ কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীয়ে (Chapar Police) তদন্ত অব্যাহত ৰাখিছে ।
উল্লেখ্য যে, মঙলবাৰৰ দিনটোতে তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু সুৰা জব্দ কৰিবলৈ হৈছে ৷