বিলাসীপাৰা, 5 অক্টোবৰ:সোমবাৰে সমগ্ৰ ৰাজ্যৰে একাংশ হিতাধিকাৰীৰ মাজত ভূমিপট্টা প্ৰদান কৰে শাসনাধীন চৰকাৰে ৷ অনুৰূপভাৱে চাপৰ চাহ বাগিছাৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত ধুবুৰী জিলাৰ মুঠ ১৫৩ গৰাকী হিতাধিকাৰীৰ মাজত ভূমিপট্টা প্ৰদান কৰা হয় ৷ ভূমিপট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ লগতে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ ৷ চৰকাৰৰ এনে পদক্ষেপে আৰ্থিকভাৱে দুৰ্বল খিলঞ্জীয়া লোকসকলৰ মুখত হাঁহি বিৰিঙাব বুলি উল্লেখ কৰে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ৷
ধুবুৰী জিলাৰ ১৫৩ হিতাধিকাৰীক ভূমিপট্টা প্ৰদান - ধুবুৰী জিলাৰ ১৫৩ হিতাধিকাৰীক ভূমিপট্টা প্ৰদান
সোমবাৰে সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ চাপৰ চাহ বাগিছাৰ বিৰছা মুণ্ডা ষ্টেডিয়ামতো ধুবুৰী জিলাৰ মুঠ ১৫৩ গৰাকী হিতাধিকাৰীৰ মাজত ভূমিপট্টা প্ৰদান কৰা হয় ৷ ভূমিপট্টা প্ৰদান অনুষ্ঠানত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ লগতে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ উপস্থিত থাকে ৷
ভূমিপট্টা প্ৰদান