অসম

assam

ETV Bharat / state

জামিন লাভৰ পিছতেই নতুন গোচৰত গ্ৰেপ্তাৰ লাট মণ্ডল আৰু মাটিৰ দালাল - উচ্চ ন্যায়ালয়

এটা মাহে আৰক্ষীৰ জালত পৰাৰ ভয়ত আত্মগোপন কৰি লাট মণ্ডল আৰু মাটিৰ দালালে লাভ কৰিছিল জামিন ৷ পিছে, পুনৰ আন এক গোচৰত দুয়োকে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷

land broker and government official arrested
জামিন লাভৰ পিছতেই নতুন গোচৰত গ্ৰেপ্তাৰ লাট মণ্ডল আৰু মাটিৰ দালাল

By

Published : Oct 19, 2021, 10:11 PM IST

ধুবুৰী, 19 অক্টোবৰ :ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মহিদুজ্জামান খানক মঙলবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱা হয়। ধুবুৰী আৰক্ষীয়ে আদালতত হাজিৰ কৰাই পাঁচ দিনৰ বাবে দুয়োকে নিজৰ জিম্মাত বিচাৰে যদিওঁ আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে দুয়োকে। উল্লেখ্য যে, ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা মাটিৰ দালালিৰ ১৫৩২/২১ নং গোচৰৰ ভিত্তিত যোৱা ১১ অক্টোবৰত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল হজৰত আৰু মিৰ্জাই ।

জামিনৰ কাগজ লৈ যোৱা দেওবাৰে ধুবুৰী সদৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ পিছতেই দিনটো বহুৱাই ৰাখি নিশাৰ ভাগত ধুবুৰী আৰক্ষীয়ে পুনৰ ১৬৮১/২১ নম্বৰৰ আন এক গোচৰৰ ভিত্তিত লাট মণ্ডল সহ মাটিৰ দালাল জনক গ্ৰেপ্তাৰ কৰে। দৰাচলতে এমহমান পূৰ্বে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই জিলা খনৰ বিভিন্ন স্থানৰ পৰা লাট মণ্ডল সহ ২২ জনকৈ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে জেল হাজোত লৈ প্ৰেৰণ কৰিছিল ৷ একে সময়তে দালালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল ধুবুৰী আৰক্ষীয়ে ।

কিন্তু বিগত প্ৰায় এটা মাহে আন কোনো দালাল ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । ধুবুৰী জিলাৰ বহু কেইজন মাটিৰ দালালে বিভিন্ন ঠাইত আত্মগোপন কৰি উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছে । ইয়াৰেই দুজন হৈছে লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মহিদুজ্জামান খান ওৰফে মিৰ্জা খান।

বিগত প্ৰায় এটা মাহে আৰক্ষীৰ জালত পৰাৰ ভয়ত আত্মগোপন কৰি আছিল বিতৰ্কিত লাট মণ্ডল হজৰত আলী আৰু প্ৰতিষ্ঠিত মাটিৰ দালাল মিৰ্জা খানে । উচ্চ ন্যায়ালয়ৰ পৰা দুয়ো জামিন লাভ কৰাৰ পিছত দেওবাৰে দুয়োকে আন এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে । ইপিনে দুয়োকে নতুন গোচৰত গ্ৰেপ্তাৰৰ পিছতেই সোমবাৰে নিশা ধুবুৰী আৰক্ষীয়ে লাট মণ্ডল হজৰত আলী আৰু দালাল মিৰ্জা খানক লগত লৈ দুয়োৰে বাসগৃহত অভিযান চলাই দুয়োজনৰ ঘৰৰ পৰা কেইবাটাও চৰকাৰী ফাইল তথা চৰকাৰী নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :ৰাজপথৰ আন্দোলন নহয় ৰাজপথত জীৱনদায়িনী যাত্ৰা আছুৰ

ABOUT THE AUTHOR

...view details