ধুবুৰী, 11 অক্টোবৰ: নিষিদ্ধ ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেলত বন্দীত্ব জীৱন কটাইছে স্বামীয়ে । কিন্তু স্বামী নোহোৱাকৈ কিমানদিন অকলে থাকিব পত্নী ? সেইবাবে স্বামীৰ দৰেই নিষিদ্ধ ড্ৰাগছৰ কাৰবাৰ কৰি আৰক্ষীৰ জালত পৰা মহিলাগৰাকীয়ে স্বামীৰ কাষলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে ।
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰীতো চলিল আৰক্ষীৰ অভিযান (Anti drugs mission in Dhubri)। আৰক্ষীৰ সমান্তৰালকৈ একাংশ স্বেচ্ছাসেৱী সংগঠনো নামি পৰিছে ড্ৰাগছ বিৰোধী অভিযানত । জিলাখনৰ ঝগৰাৰপাৰ অঞ্চলৰ ডঙেৰপাৰ গাঁৱৰ এজন লোকৰ ঘৰৰ মঙলবাৰে অভিযান চলোৱাৰ সময়তে হাতে-লোটে আটক হ’ল মহিলা ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler arrested in Dhurbi)৷
ড্ৰাগছ মাফিয়া বাদশা আলীৰ ঘৰত স্থানীয় গাঁওৰক্ষী বাহিনী আৰু যুৱ সমাজ সংস্কাৰ সমিতিৰ একাংশ সদস্যই অতৰ্কিতে অভিযান চলোৱাৰ সময়তে ড্ৰাগছ বিক্ৰী কৰি থকাৰ অৱস্থাত হাতে-লোটে কৰায়ত্ব হয় বাদশা আলীৰ পত্নী নুৰ ভানু বিবি নামৰ মহিলাগৰাকী । পাছত ধুবুৰী বি এন কলেজ ৰোড আৰক্ষীক (B N college town out post) খবৰ দিয়াত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক আটক কৰাৰ লগতে বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ।