বিলাসীপাৰা,25 অক্টোবৰঃ সাপটগ্ৰামস্থিত শ্ৰীমদ লীলানন্দ পাগলবাবা আশ্ৰমত প্ৰতি বছৰৰ দৰে আজিও নৱমীৰ দিনা পৰম্পৰাগত ভাবে কুমাৰী পূজা অনুষ্ঠিত কৰা হয়। এই উপলক্ষ্যে দিনৰ ১১ বজাৰ পৰা ন-গৰাকীকৈ কুমাৰীক মা-দূৰ্গাৰ সাজত সু-সজ্জিত কৰি দেৱীৰ আসনত বহুৱাই পূজা অৰ্চনা কৰা হয়।
বিলাসীপাৰাৰ সাপটগ্ৰাম শ্ৰীমদ লীলানন্দ আশ্ৰমত কুমাৰী পূজাৰ আয়োজন
বিলাসীপাৰাৰ সাপটগ্ৰাম শ্ৰীমৃদু লীলানন্দ আশ্ৰমত কুমাৰী পূজা ৷ আজি মহা নৱমীৰ দিনা ন (৯) গৰাকী কুমাৰীক দেৱীৰ ৰূপত সু-সজ্জিত কৰি পূজা অৰ্চনা ।
বিলাসীপাৰাৰ সাপটগ্ৰাম শ্ৰীমদ্ লীলানন্দ আশ্ৰমত কুমাৰী পূজাৰ আয়োজন
উল্লেখ্যযোগ্য যে, বিগত বছৰ সমূহত মা দুৰ্গা দেৱীৰ ১০৮ টা ৰূপৰ আধাৰত ১০৮ গৰাকী কুমাৰীক পূজাৰ বেদীত পুজা অৰ্চনা কৰা হৈছিল ৷ কিন্তু এইবাৰ ক’ৰণা সৃষ্ট পৰিস্থিতিৰ বাবে মাত্ৰ ৯ গৰাকী কুমাৰীক পূজা অৰ্চনা কৰা হয় আশ্ৰমত ৷ সীমিত সংখ্যক লোকৰ উপস্থিতিত কুমাৰী পূজাৰ আয়োজনভাগ সমাপন কৰা হয় ৷ কুমাৰী পূজাৰ মাজেদিয়েই বিশ্ব শান্তিৰ কামনা উদ্যোক্তা সকলৰ ৷
লগতে পঢ়কঃদাৰ্জিলিঙত সেনাৰ সৈতে শস্ত্ৰ-পূজা আগবঢ়ালে প্ৰতিৰক্ষামন্ত্ৰীয়ে