ধুবুৰী, ১৩ ছেপ্টেম্বৰ:পৃথক কামতাপুৰ ৰাজ্য(Demand for Separate Kamtapur State)আৰু কামতাপুৰীক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি আৰু কোচ ৰাজবংশীক জনজাতিকৰণকে(Demand for Tribalization of Koch Rajbanshi) ধৰি ১৫ দফীয়া দাবীৰ সমৰ্থনত মঙলবাৰে ধুবুৰীত প্ৰতিবাদী সমদল উলিয়ালে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ ধুবুৰী জিলা সমিতিয়ে ।
উল্লেখ্য যে দীৰ্ঘ দিনে পৃথক কামতাপুৰ ৰাজ্যৰ দাবী কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনে । চৰকাৰে এই দাবী পূৰণ নকৰাৰ পৰিপেক্ষিতত আজি পুনৰ পৃথক কামতাপুৰ ৰাজ্য আৰু কামতাপুৰক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়াকে ধৰি ১৫ দফীয়া দাবীৰ সমৰ্থনত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ(Kamtapur Progressive Party protest in Dhubri)ধুবুৰী জিলা সমিতিৰ কৰ্মকৰ্তা সকলে ।