ধুবুৰী , 14 জানুৱাৰী :নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধুবুৰীত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ কৃষক নেতা অখিল গগৈসহ আন্দোলনকাৰী কাৰাবন্দী সকলক বিনাচৰ্তে মুক্তিৰ দাবীত ৰূপায়ন কৰে এই 24 ঘন্টীয়া অনশন কাৰ্যসূচী ৷ ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জিলা সমিতিৰ সভাপতি হবিবৰ ৰহমান খান আৰু সম্পাদক নাজিমূল হক সহ চাৰিগৰাকী প্ৰতিনিধিয়ে হাতে হাতে গীতা ভাগৱত আৰু অসম বিধানসভাৰ বিশেষ গ্ৰন্থ লৈ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত 24 ঘন্টীয়া অনশন কাৰ্য্যসূচী আৰম্ভ কৰে ৷ এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ লগতে কেইজনমান নেতাৰ সুমতি কামনা কৰে । মঙলবাৰে দিনৰ এঘাৰ বজাৰ পৰা বুধবাৰৰ দিনৰ এঘাৰ বজালৈ এই কাৰ্য্যসূচী চলিব বুলি উল্লেখ কৰে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন - ধুবুৰী ৰাজহ চক্ৰ বিষয়া
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ধুবুৰীত মঙলবাৰে কৃষক মুক্তিৰ অনশন । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী আৰু আন্দোলনকাৰী কাৰাবন্দী সকলক বিনাচৰ্তে মুক্তিৰ দাবীত ৰূপায়ন কৰে এই 24 ঘন্টীয়া অনশন কাৰ্যসূচীৰ ৷
ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন