অসম

assam

ETV Bharat / state

উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত KMSSৰ প্ৰতিবাদ - বিলাসীপাৰাত বন বিভাগ আৰু প্ৰশাসনে উচ্ছেদ চলাইছিল

শেহতীয়াকৈ বিলাসীপাৰাত বন বিভাগ আৰু প্ৰশাসনে উচ্ছেদ চলাইছিল । উচ্ছেদিত পৰিয়ালকেইটাক পুনৰ সংস্থাপনৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে (KMSS protest at Bilashipara)। মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠনটোৱে ।

protest
উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত KMSSৰ প্ৰতিবাদ

By

Published : Mar 24, 2022, 9:33 PM IST

বিলাসীপাৰা,২৪ মাৰ্চ :যোৱা ১৬ মাৰ্চত বিলাসীপাৰাৰটিলাপাৰা দুধনাথ গাঁৱত বন বিভাগ আৰু বিলাসীপাৰা মহকুমা প্ৰসাশনে উচ্ছেদ চলাইছিল (Eviction at Bilashipara)। বন বিভাগৰ মাটিত অবৈধভাৱে বসবাস কৰা প্ৰায় ১০০ টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল । প্ৰশাসনে উচ্ছেদ চলাইছে যদিও পৰিয়ালবোৰক পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত KMSSৰ প্ৰতিবাদ

যাৰ বাবে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS protest at Bilashipara)। উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ দাবীত বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS protest demanding rehabilitation of evicted family)। ৰাইজৰ সহযোগত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে ।

প্ৰতিবাদকাৰীসকলে বিলাসীপাৰা মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক :TET teachers protest : হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটীৰ কাহিলিপাৰা

ABOUT THE AUTHOR

...view details