ধুবুৰী, ২০ জানুৱাৰী :আকৌ প্ৰতিবাদ ৷ এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (KMSS) প্ৰতিবাদত কঁপি উঠিল ধুবুৰী জিলা (KMSS protest in Dhubri) ৷ চৰকাৰে অধিগ্ৰহণ কৰা মাটিৰ উচিত মূল্য বিচাৰি বৃহস্পতিবাৰে KMSS ৰ সদস্যৰ সহযোগত একাংশ ৰাইজে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (KMSS protest against Assam Govt in Dhubri) ।
উল্লেখ্য যে, নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলং সংলগ্ন চাৰিলেন যুক্ত ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ধুবুৰীৰ মটেৰঝাৰ, বালাজান, বাণীয়ামৰি, ঢেপডেপি, কছাৰী হাট, কালাহাট আদিকে ধৰি বিভিন্ন অঞ্চলৰ প্ৰায় তিনি সহস্ৰাধিক পৰিয়ালৰ মাটি অধিগ্ৰহণ কৰাৰ বাবে চৰকাৰে জাননী জাৰি কৰিছিল । কিন্তু অধিগ্ৰহণ কৰা মাটিৰ মূল্য বিঘাই প্ৰতি মাত্ৰ ৩ লাখ টকা চৰকাৰে নিৰ্ধাৰিত কৰিছে ৷ যাক লৈ সন্তোষ্ট নহয় অঞ্চলটোৰ ৰাইজে ৷
সেয়ে উক্ত অঞ্চলৰ ৰাইজে চৰকাৰে অধিগ্ৰহণ কৰিবলৈ বিচৰা মাটিসমূহৰ বৰ্তমান বজাৰ মূল্যৰ দৰত দিবলৈ দাবী জনাইছে ৷ অৰ্থাৎ বিঘাই প্ৰতি ১৫ ৰ পৰা ২০ লাখ টকা দিবলৈ দাবী জনাইছে মাটিৰ গৰাকীৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । আনকি প্ৰতিবাদকাৰীসকলে কেঁচা ঘৰ, পকা ঘৰ নাইবা পুখুৰী-খাল আদিৰ মূল্যও পৃথকে পৃথকে নিৰ্ধাৰণ কৰি সেই অনুসৰিয়েই মাটিৰ মূল্য দিবলৈ চৰকাৰক দাবী জনাইছে ৷
লগতে পঢ়ক :Head Master Sells Book : ছাত্ৰ-ছাত্ৰীৰ বহী-কিতাপ বেচি শেষ কৰিলে হেড বাইদেৱে