অসম

assam

ETV Bharat / state

ভূ-মাফিয়াৰ কবলত ধুবুৰীৰ একাংশ চৰকাৰী ভূমি - ভূমিহীন পৰিয়াল

ধুবুৰীত জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। ভূমি কেলেংকাৰী আৰু ভূ-মাফিয়াৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপনেৰে সংবাদমেল জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিৰ।

KMSS PRESS MEET
KMSS PRESS MEET

By

Published : Aug 20, 2020, 10:54 PM IST

ধুবুৰী, 20 আগষ্ট :ধুবুৰীত হেজাৰ হেজাৰ ভূমিহীন পৰিয়ালে এডোখৰ মাটিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে একাংশ ভূ-মাফিয়াই চৰকাৰী মাটি আৰু চ’ছাইটিৰ মাটি দখল কৰি একপ্ৰকাৰ ৰাজত্ব চলাই গৈছে। নামে-বেনামে একাংশ ভূ-মাফিয়াই বিঘাই বিঘাই চৰকাৰী চৰকাৰী আৰু চ’ছাইটিৰ মাটি দখল কৰি আহিছে । এই অভিযোগ উত্থাপন কৰিছে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

বৃহস্পতিবাৰে ধুবুৰী জিলা বার্তাজীৱী সংঘৰ কাৰ্যালয়ত ধুবুৰী জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে এখন সংবাদমেলৰ আয়োজন কৰে । উক্ত সংবাদমেলত জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হবিবৰ ৰহমানৰ উপস্থিতিত সাধাৰণ সম্পাদক নাজিমূল হকে ধুবুৰীৰ ফলিমাৰী তৃতীয় খণ্ড গাঁও ( লালমাটি ) ৰ ৬ বিঘা ২৪ লেছা মাটি চান্দমীয়া নামৰ এজন লোকে নামে বেনামেৰে দখল কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, ১৯৭৫ চনৰ পৰা ২০০৯ চনলৈকে গাঁও খনৰ ১৬৮, ১৭৩ আৰু ১৭৪ নম্বৰৰ তিনিটা দাগৰ ৬ বিঘা ২৪ লেছা মাটি চৰকাৰী খাচ মাটি হিচাপে তালিকাৰ্ভুক্ত আছিল।

ভূ-মাফিয়াৰ কবলত ধুবুৰীৰ একাংশ চৰকাৰী ভূমি

কিন্তু বীৰসিং চৰৰ প্ৰাক্তন পঞ্চায়ত সভাপতি চান্দমীয়াই ধুবুৰী ৰাজহ চক্ৰ বিষয়া আৰু লাট মণ্ডলক মেনেজ কৰি মাটিখিনি নিজৰ পত্নী পুত্ৰ সহ বিভিন্ন জনৰ নামত নামজাৰী কৰি লৈছে । তদুপৰি আন বিভিন্ন অঞ্চলত নামে বেনামে চৰকাৰী আৰু চচাইটিৰ মাটি দখল কৰি নিজৰ নামৰ নামজাৰী কৰি নিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে । শীঘ্ৰেই এইক্ষেত্ৰত উচিত তদন্ত কৰি ভূমিহীন পৰিয়ালক মাটি প্ৰদান কৰিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসনক দাবী জনায় কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে।

লগতে পঢ়ক :২০০৯ চনৰ পৰা বি টি আৰত অস্ত্ৰ মুক্ত সমাজ গঢ়াৰ চেষ্টা কৰিছোঃ প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details