নিউজ ডেস্ক, 2 এপ্ৰিল :ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰী, ঔষধ, পেট্ৰ’ল-ডিজেল ইত্যাদিৰ মূল্য (Price hike of Essential Drugs) ৷ যাৰ ফলত এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে খাটিখোৱা লোকসকলে ৷ সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে (Price hike in Assam) ৰামটাঙোন শোধাইছে ৰাজ্যবাসীৰ মূৰত ।
ইফালে মূল্যবৃদ্ধি ৰোধৰ বাবে বিভিন্ন সময়ত বহু দল-সংগঠনে শাসনাধিস্থ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিলাসীপাৰাত প্ৰতিবাদত বহিল ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (SMSS protest against price hike in Dhubri) ৷ শুকুৰবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ।
শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে । কেৱল বিলাসীপাৰাতে নহয়, মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱৰ বেবেজীয়াতো বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS protest against price hike in Nagaon) ৷ ৰাজ্যত হোৰাহোৰে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য । তাৰোপৰি 1 এপ্ৰিলৰ পৰা টোল গেটসমূহতো কৰ বৃদ্ধি পাইছে । প্ৰতিবাদকাৰীসকলে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ।