ধুবুৰী, 21 আগষ্ট : আপুনি মৃত ব্যক্তিয়ে খোজকঢ়া বা কথা কোৱা দেখিছেনে ? সোমবাৰে সাংবাদিকৰ কেমেৰাৰ সন্মুখত এক দশক পূৰ্বে মৃত্যু হোৱা ব্যক্তিয়ে দিলে চাঞ্চল্যকৰ সাক্ষাৎকাৰ। 12 বছৰ পূৰ্বে মৃত্যু হোৱা ব্যক্তি সুস্থ শৰীৰে উপস্থিত হ’ল ধুবুৰীত। ন্যায় বিচাৰি ধুবুৰীত ঘূৰি ফুৰিছে লোকজন।
আজিৰ পৰা প্ৰায় 12 বছৰ পূৰ্বে মৃত্যু হৈছে লোকজনৰ। কিন্তু এক দশক পূৰ্বে মৃত ব্যক্তি এজন কেনেকৈ জীৱিত থাকিব পাৰে। চাঞ্চল্যকৰ বিষয়টোলৈ আপোনাৰ মনত নিশ্চয় প্ৰশ্ন উদয় হৈছে। কি আছে ইয়াৰ আঁৰৰ ৰহস্য ?
ঘটনাৰ বিৱৰণী অনুসৰি এইজন লোকৰ নাম জালাল উদ্দিন। ধুবুৰীৰ গেৰামাৰী সমবায় সমিতিৰ অন্তৰ্গত মাঝেৰচৰ চলাকুৰা গাঁও পঞ্চায়তৰ 1 ম খণ্ড গাঁৱত ঘৰ জালাল উদ্দিনৰ। প্ৰাপ্ত অভিযোগ অনুসৰি, গেৰামাৰী সমবায় সমিতিৰ অন্তৰ্গত মাজেৰচৰ চলাকুৰা গাওঁ পঞ্চায়তৰ 1ম খণ্ড গাঁৱৰ স্থায়ী বাসিন্দা জালাল উদ্দিন নামৰ লোকজন সমবায় সমিতিখনৰ দুৰ্বল শ্ৰেণীৰ ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ 2460 ৰ মতে এজন অংশীদাৰ অৰ্থাৎ শ্বেয়াৰ হোল্ডাৰ।
কিন্তু সমাবায় সমিতিৰ সভাপতি আনোৱাৰ হুছেইন আৰু সম্পাদক জাকিৰ হুছেইনে একাংশ সদস্যৰে মিলি 2011 চনতেই লোকজন মৃত বুলি দেখুৱাই নথি পত্ৰত। আনকি সমিতিৰ ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন কৰা হৈছিল সমিতিৰ শ্বেয়াৰ হোল্ডাৰ জালাল উদ্দিনৰ। ইপিনে 2011 চনতেই মৃত্যু হোৱা বুলি 2019 চনৰ নথি পত্ৰত উল্লেখ কৰা হৈছে যদিও 2018 চনত অনুষ্ঠিত সমিতিৰ নিৰ্বাচনত ভোটদানো কৰিছিল জালাল উদ্দিনে।