বিলাসীপাৰা,১১ ফেব্ৰুৱাৰী :শেহতীয়া নগাঁৱৰ এনকাউণ্টাৰ আৰু আইপিএছ বিষয়া আনন্দ মিশ্ৰৰ প্ৰসংগই ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছে । নগাঁৱৰ আনন্দ মিশ্ৰক বদলিৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কোনোৱে যদি চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লৈছে কোনোৱে আকৌ আনন্দ মিশ্ৰৰ পক্ষত থাকি মন্তব্য কৰিছে । এইবাৰ ৰাইজৰ দলৰ এগৰাকী নেতাই আনন্দ মিশ্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে (Kamal kumar medhi reaction against Anand Mishra)।
ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিৰ মতে আনন্দ মিশ্ৰক কেৱল বদলি কৰাটো তেওঁলোকে বিচৰা নাছিল । তেওঁৰ মতে আৰক্ষী অধীক্ষকগৰাকীক কঠোৰ শাস্তিহে দিব লাগিছিল । বিলাসীপাৰাত ৰাইজৰ দলৰ এখন সভাত উপস্থিত থাকি এই মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ।