অসম

assam

ETV Bharat / state

চাৰি বছৰেও সম্পূৰ্ণ নহ’ল এটা স্বাস্থ্য় কেন্দ্ৰৰ আবাসগৃহ নিৰ্মাণৰ কাম - আবাসগৃহ নির্মাণ

2016 চনত আৰম্ভ হোৱা মানকাচৰ জিলাৰ কালাপানী উপ স্বাস্থ্য কেন্দ্ৰৰ আবাসগৃহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাক লৈ সৰৱ জিলা ছাত্ৰ সন্থা ৷ ঠিকাদাৰ গালিব ইছলামে লেহেমীয়া গতিত কাম কৰাৰ বাবে আজিলৈকে সম্পূৰ্ণ নহ’ল স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম ৷ শীঘ্ৰেই তদন্ত কৰি উপ স্বাস্থ্য কেন্দ্ৰটোৰ আবাসগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান জিলা আছুৰ ৷

kalapani health centre poor work
কালাপানী উপ স্বাস্থ্য কেন্দ্ৰৰ আবাসগৃহ নির্মাণত গাফিলতি

By

Published : Dec 4, 2020, 10:10 AM IST

ধুবুৰী,4 ডিচেম্বৰ :দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু নাৰ্চৰ আবাসগৃহ নির্মাণৰ নামত গাফিলতিৰ অভিযোগ উত্থাপন ৷ 2016 চনত আৰম্ভ হোৱা এই কাম ঠিকাদাৰে আজি পৰ্যন্ত সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ৷

কালাপানী উপ স্বাস্থ্য কেন্দ্ৰৰ আবাসগৃহ নির্মাণত গাফিলতি

মানকাচৰৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উপ স্বাস্থ্য কেন্দ্ৰ কালাপানী উপ স্বাস্থ্য কেন্দ্ৰটোৰ আবাসগৃহৰ বিগত চাৰিটা বছৰে কাম কৰি আছে মানকাচৰ সমষ্টিৰ প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী জহিৰুল ইছলামৰ পুত্ৰ গালিব ইছলামে ৷ জানিব পৰা মতে, গালিব ইছলামে চাৰি বছৰ পূৰ্বে কালাপানী উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু নাৰ্চৰ আবাস নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ৷ কিন্তু পৰিতাপৰ বিষয় এয়ে যে, ঠিকাদাৰ গালিব ইছলামে লেহেমীয়া গতিত কাম কৰাৰ বাবে আজিলৈকে সম্পূৰ্ণ নহ’ল স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম ৷

এইক্ষেত্ৰত স্বাস্থ্য় বিভাগে নীৰৱ ভুমিকা পালন কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ঠিকাদাৰজনৰ কামৰ প্ৰতি সন্দেহ প্ৰকাশ কৰে জিলা আছুৰ সভাপতি ফিৰোজ আলফাৰুক খন্দকাৰে ৷ ইয়াৰোপৰি নিৰ্মাণৰ কামৰ ক্ষেত্ৰত নাম ফলক নথকাৰ লগতে চাৰিওফালে বাঁহৰ বেৰ দি গোপনে মানুহে যাতে দেখিব নোৱাৰে তেনে অৱস্থাতে কাম কৰি থকা পৰিলক্ষিত হৈছে ৷

কালাপানী উপ স্বাস্থ্য কেন্দ্ৰৰ আবাসগৃহ নির্মাণত গাফিলতি

গতিকে শীঘ্ৰেই কামখিনিৰ তদন্ত কৰি সঠিকৰূপে উপ স্বাস্থ্য কেন্দ্ৰটোৰ আবাসগৃহ নিৰ্মাণৰ কাম সমাপ্ত কৰিব লাগে বুলি চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান জনায় জিলা আছুৱে ৷

লগতে পঢ়ক :ডুমডুমাত শোকাৱহ পথ দুৰ্ঘটনা : নিহত 2

ABOUT THE AUTHOR

...view details