বিলাসীপাৰা, 6 ডিচেম্বৰঃ ৰাজ্যত পুনৰ সাংবাদিকক নিৰ্মম আক্ৰমণ । বিলাসীপাৰাত বৃহস্পতিবাৰে নিশা সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ । দুৰ্নীতিৰ বিৰুদ্ধে তথ্য সংগ্ৰহ কৰিবলৈ যোৱা সময়তে আক্ৰমণ কৰে সাংবাদিক গৰাকীক ।
বিলাসীপাৰাত সাংবাদিক আক্ৰমণ - বিলাসীপাৰা
বিলাসীপাৰাৰ কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ AIUDF ৰ সভাপতি হুৰমুজ আলীৰ বিৰুদ্ধে সাংবাদিকক আক্ৰমণৰ অভিযোগ । যাৰ ফলত গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয় সাংবাদিক বেল্লাল হুচেইন

বিলাসীপাৰাত সাংবাদিক আক্ৰমণ
বিলাসীপাৰাত সাংবাদিক আক্ৰমণ
সাংবাদিক গৰাকীৰ অভিযোগ অনুসৰি, বিলাসীপাৰাৰ কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ AIUDF ৰ সভাপতি হুৰমুজ আলীয়ে কৰে আক্ৰমণ । যাৰ ফলত গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয় সাংবাদিক বেল্লাল হুচেইন । আঘাতপ্ৰাপ্ত সাংবাদিক গৰাকীক ততাতৈয়াকৈ বিলাসীপাৰা দিপুৰকুটী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী সাংবাদিক গৰাকীয়ে । আনহাতে, ২৪ ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তিৰ দাবী বিলাসীপাৰা বাসী ৰাইজৰ ৷