অসম

assam

ETV Bharat / state

দক্ষিণ শালমাৰাত জবকাৰ্ডৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ

মানকাচৰ জিলাৰ পানকাটা গাঁও পঞ্চায়তত জবকার্ডৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ ৷ জবকার্ড হিতাধিকাৰীৰ একাউণ্টত টকা সোমালেই পঞ্চায়তৰ সভাপতিয়ে সকলো টকা উঠাই লোৱাৰ অভিযোগ তুলিছে হিতাধিকাৰীসকলে ৷

By

Published : Dec 2, 2020, 12:49 PM IST

job card scam in dakshin salmara
দক্ষিণ শালমাৰাত জবকাৰ্ডৰ নামত কেলেংকাৰী

ধুবুৰী, 2 ডিচেম্বৰ : দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ পানকাটা গাঁও পঞ্চায়তত উত্থাপন হৈছে জবকার্ডৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন । গাঁও পঞ্চায়তটোৰ সভাপতি, সচিব আৰু সদস্যসকলে একগোট হৈ চলাই আছে এই লুণ্ঠনৰাজ ।

দক্ষিণ শালমাৰাত জবকাৰ্ডৰ নামত কেলেংকাৰী

প্ৰাপ্ত অভিযোগ মতে, বিগত কেইবছৰমানৰ পৰা জবকার্ডৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ পৰা টকা উঠাই সকলো টকা আত্মসাতৰ অভিযোগ তুলি আহিছে হিতাধিকাৰীসকলে ৷ জবকার্ড হিতাধিকাৰীৰ একাউণ্টত টকা সোমালেই পঞ্চায়তৰ সভাপতিয়ে সকলো টকা উঠাই লয় বুলি অভিযোগ উত্থাপন কৰে হিতাধিকাৰী সকলে ৷

দক্ষিণ শালমাৰাত জবকাৰ্ডৰ নামত কেলেংকাৰী

এই ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান কৰি দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে জবকাৰ্ড প্ৰাপ্ত শ্ৰমিকৰ লগতে সচেতন মহলে । কেৱল পানকাটা গাঁও পঞ্চায়তেই নহয়, জিলাখনৰ প্ৰায়বোৰ পঞ্চায়ততেই জবকাৰ্ডৰ নামত এনে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে।

লগতে পঢ়ক :চৰকাৰী ধানৰ বীজ ৰোপন কৰি বিপাঙত আমগুৰিৰ কৃষক

ABOUT THE AUTHOR

...view details