ধুবুৰী, 5 জুলাইঃ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অতি ভিতৰুৱা এখন পাহাৰীয়া গাঁও। পৰ্বতঝৰা মহকুমা এলেকাৰ হাতীবন্ধা নামৰ এই গাঁওখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত শ শ কৃষকে দেখুৱাইছে আশাৰ সঞ্চাৰ। পাহাৰৰ দ ঠাইৰ মাটি কাটি ধান খেতি কৰাৰ উপযোগী কৰি লৈছে ইয়াৰ কৃষক সকলে। সেয়াও প্ৰায় পাঁচটা দশক পূৰ্বৰ কথা। পঞ্চাশ ষাঠি বছৰ পূৰ্বে ইয়াৰ কৃষক সকলে জলসিঞ্চন বিভাগৰ আশা এৰি নিজে বিকল্প ব্যৱস্থাৰে খেতি পথাৰত পানী যোগান দিয়াৰ ব্যৱস্থা কৰিছিল।
জলসিঞ্চন বিভাগে ঢুকি নোপোৱা এখন গাঁও - ASSAM AGRICULTURAL DEPT
ধানখেতিৰ ওপৰত নিৰ্ভৰশীল গাঁওখনৰ ৰাইজে জলসিঞ্চন বিভাগলৈ বাট নাচাই গ্ৰহণ কৰিছে এক অভিনৱ পদ্ধতি ৷ খেতিৰ সময়ত বৰষুণৰ পানীলৈ নিৰ্ভৰ নকৰা গাঁওখনে এক বিশেষ পদ্ধতিৰে পানীযোগান ধৰি আহিছে খেতিপথাৰলৈ ৷ গাওঁ খনৰ প্ৰায় ছয় শ বিঘা মাটিৰ ধান খেতি কৰিছে ৰাইজে ৷
দৰাচলতে পঞ্চাশ ষাঠি বছৰ পুৰণি এটা পুখুৰীৰ চাৰিওফালে মথাউৰি বান্ধি বৰষুণৰ পানী সংৰক্ষণ কৰি খৰালি কালত এই পানী ব্যৱহাৰ কৰে খেতি পথাৰত। আনহাতে প্রচণ্ড নেৰানেপেৰা বৰষুণ হ'লে পুখুৰীৰ কাষেৰে যাতে পাহাৰৰ পৰা বৈ অহা পানী নলাৰে পোনে পোনে পথাৰলৈ যাব পাৰে সেই ব্যৱস্থাও কৰি লৈছে ইয়াৰ কৃষক সকলে। পুখুৰীত জমা হৈ থকা এই পানী খেতি পথাৰত ব্যৱহাৰ কৰাৰ উপৰিও গা ধোৱা কামতো ব্যৱহাৰ কৰে অঞ্চলটোৰ ৰাইজে । উল্লেখযোগ্য যে,গাঁওখনৰ শতাধিক কৃষকে প্ৰায় ছয় শ বিঘা ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে । কিন্তু জলসিঞ্চন বিভাগৰ কোনো আঁচনিয়েই ঢুকি নাপালে আজিপৰ্যন্ত ৷ কেৱল নামতহে আছে বিভাগটো ৷ যাৰ বাবে জলসিঞ্চন বিভাগৰ আশা এৰি বিকল্প ব্যৱস্থাৰে বৰষুণৰ পানী সংৰক্ষণ কৰি নিজেই শ শ বিঘা খেতি পথাৰত যোগান ধৰি আহিছে পানী ৷