ধুবুৰী , 31 মাৰ্চ : ধুবুৰীত অগপ বিজেপি আৰু বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ । পাঁচ এপ্ৰিলৰ পৰা অনুষ্ঠানিক ভাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হব যদিও কৰ্মী সভাৰ জৰিয়তে একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰাৰ্থীগৰাকীয়ে । যোৱা দুটা দিনধৰি ধুবুৰীৰ বিভিন্ন অঞ্চলত মিত্ৰ দলৰ কৰ্মী সকলৰ সৈতে বৈঠকত মিলিত হয় প্ৰাৰ্থী গৰাকী । বিপিএফৰ জিলা কাৰ্য্যালয়ত এখন সভা অনুষ্ঠিত কৰি তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰি কংগ্ৰেছ আৰু এ এই ইউ ডি এফক সমালোচনা কৰে মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলামে।
ধুবুৰীত এইবাৰ ত্ৰিকোণীয়া যুঁজ : "ধুবুৰী মানেই আজমল নহয়" - javed
কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ সৈতে ভাল বন্ধুত্ব আছে যদিও ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনৈতিক যুজঁ হ'বই বুলি মন্তব্য কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে ৷ ব্যক্তিগত সম্পৰ্কই ৰাজনৈতিক সম্পৰ্কত প্ৰভাৱ নেপেলাই বুলিও মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ৷
আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ সৈতে ভাল বন্ধুত্ব আছে যদিও ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনৈতিক যুজঁ হবই বুলি মন্তব্য কৰে জাভেদ ইছলামে ৷ বিপক্ষই যেনেধৰণৰ প্ৰাৰ্থীকেই প্ৰাৰ্থীত্ব প্ৰদান কৰে মিত্ৰজোঁটৰ বিজয় নিশ্চিত বুলি তেওঁ মন্তব্য কৰে ৷ আজমলে ৰাজনীতিটো এটা বেলেগ পৰ্যায়লৈ লৈ গৈছে বুলি কৈ আজমলে বহু মিছা কথা কৈছে বুলি সমালোচনা কৰে জাভেদ ইছলামে। আনহাতে যোৱা কেইদিনত যথেষ্ট সঁহাৰি পাইছে বুলি দাবী কৰাৰ বিপৰীতে এইবেলি ত্ৰিকোণীয়া যুজঁ হোৱাৰ আশংকা কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে ৷