ধুবুৰী,18 এপ্ৰিল: "দিল্লীত টিকট বিক্ৰীৰ দোকান খুলিছে কংগ্ৰেছে। সুদীৰ্ঘ বছৰে প্ৰতাৰণা কৰিলে কংগ্ৰেছে। কিন্তু কংগ্ৰেছে প্ৰতাৰণা কৰিলেও নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও একাধিকবাৰ জয়ী হৈছো। হেলিকপ্টাৰ লৈ প্ৰচাৰ চলোৱাৰ হেঁপাহ মোৰো আছে।" এই মন্তব্য অগপ-বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ।
হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ হেঁপাহ জাবেদ ইছলামৰ - ূিজ্ঞেপি
হেলিকপ্টাৰ নোহোৱাকৈ একাধিক বাৰ জয়ী হৈছে যদিও হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ হেঁপাহ আছে বুলি মন্তব্য কৰে জাৱেদ ইছলামে।
টকা নহ'লে কংগ্ৰেছৰ টিকট ক্ৰয় কৰিব নোৱাৰি বুলি কংগ্ৰেছক কটাক্ষ কৰে জাৱেদ ইছলামে৷ দৰাচলতে কংগ্ৰেছৰ প্ৰয়াত প্ৰাক্তন মন্ত্ৰী জহিৰুল ইছলামৰ মৃত্যুৰ পাচতেই 2001 চনত কংগ্ৰেছৰ টিকটৰ বাবে কংগ্ৰেছ হাইকমাণ্ডৰ দুৱাৰে দুৱাৰে ঘূৰিছিল জহিৰুল ইছলামৰ পত্নী হুছেনৰা ইছলামে । কিন্তু কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ এন চি পি দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল হুছেনৰা ইছলাম । তাৰ পাচতেই 2011 চনত কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় হিচাপে বিধায়ক নিৰ্বাচিত হৈছিল জাৱেদ ইছলাম। নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাচতো তৰুণ গগৈ চৰকাৰৰ দিনত কংগ্ৰেছক সমৰ্থন কৰিছিল জাৱেদ ইছলামে ।
ইপিনে 2016 চনৰ বিধান সভা নিৰ্বাচনতো কংগ্ৰেছৰ দলীয় টিকটৰ পৰা বঞ্চিত হৈ অসম গণ পৰিষদ দলত যোগদান কৰে জাৱেদ ইছলামে । এইবেলি লোকসভা নিৰ্বাচনত অগপ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে থিয় দিয়া জাৱেদ ইছলামে কংগ্ৰেছৰ বিগত দিনৰ কৰ্মকাণ্ডৰ ভিতৰত তেওঁৰ মাতৃক কৰা প্ৰতাৰণাৰ প্ৰসংগ উপস্থাপন কৰি ইটিভিৰ আগত কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।
আনহাতে,নিৰ্বাচনৰ সময়ত আজমলে ধুবুৰীৰ আকাশত হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী চমক সৃষ্টি কৰাৰ সময়তে জাবেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাচৰ পৰা আজিলৈ অগপ দলৰ কোনো এজন মন্ত্ৰী বা ষ্টাৰ কেম্পেইনাৰে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা নাই বুলি কয় প্ৰাৰ্থীগৰাকীয়ে। কেৱল এয়াই নহয়,হেলিকপ্টাৰ নোহোৱাকৈ একাধিক বাৰ জয়ী হৈছে যদিও হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ হেঁপাহ আছে বুলি মন্তব্য কৰে জাৱেদ ইছলামে।