ধুবুৰী, 18 চেপ্তেম্বৰ: বন বিভাগে উচ্চেদ কৰা পূৱ বিলাসীপাৰাৰ চাপৰৰ পৰিয়াল সমূহৰ কাষত সহায় প্ৰদানৰ বাবে উপস্থিত হ'ল জমিয়ত উলেমা ৷ জমিয়ত উলেমাৰ ৰাজ্যিক সম্পাদক তথা বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীৰ লগত অসম ৰাজ্যিক জমিয়ত উলেমা আৰু চাপৰ জিলা জমিয়ত উলেমাৰ নেতৃবৃন্দ উপস্থিত হৈ উচ্ছেদিত লোকসকললৈ টিনপাত সহ নগদ 1,000 টকাকৈ প্ৰদান কৰে ৷
পূৱ বিলাসীপাৰাৰ চাপৰৰ উচ্ছেদিত পৰিয়ালৰ কাষত জমিয়ত উলেমা - কংগ্ৰেছৰে মিত্ৰতা
পূৱ বিলাসীপাৰাৰ চাপৰৰ উচ্ছেদিত পৰিয়াললৈ সহায়ৰ হাত জমিয়ত উলেমাৰ ৷ উচ্ছেদিত পৰিয়াল সমূহলৈ টিনপাত সহ নগদ 1000 টকা প্ৰদান ৷ উচ্ছেদিত লোকসকলৰ কাষত থিয় দি বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক-হাফিজ বছিৰ আহমেদ কাছিমীৰ মন্তব্য, 'অসমৰ সমস্যা সমাধানৰ বাবে আঞ্চলিক দলৰ প্ৰয়োজন আছে ' ৷
উচ্ছেদিত পৰিয়ালৰ কাষত উপস্থিত হৈ 2021 ৰ নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা সম্পৰ্কত বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ কংগ্ৰেছৰে মিত্ৰতা সম্পৰ্কত সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কাছিমীয়ে কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা হোৱাটো নিশ্চিত যদিও বৰ্তমানলৈকে আসনৰ সংখ্যা বুজা বুজি হোৱা নাই ৷ অৱশ্যে মিত্ৰতাৰ নিয়মানুসৰি বিধান সভা সমষ্টিৰ আসন ভাগ কৰাৰ কাম চলি আছে । আছুৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ সম্পৰ্কত বিধায়ক গৰাকীয়ে মন্তব্য কৰে যে অসমৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আঞ্চলিক দলৰ গুৰুত্ব আছে আৰু এ আই ইউ ডি এফে অসম জাতীয় পৰিষদক আদৰণি জনাইছে ৷
উল্লেখ্য যে প্ৰায় এপষেক পূৰ্বে প্ৰশাসনৰ সহযোগত বন বিভাগে পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ আৰেয়াঝাৰ সংৰক্ষিত বনাঞ্চলত বসবাস কৰি অহা লোকসকলক উচ্চেদ কৰিছিল ৷ জানিব পৰা মতে প্ৰায় 20 ৰ পৰা 25 বছৰ ধৰি 43 টা পৰিয়ালে বনাঞ্চলৰ ভূমি বেদখল কৰি বসবাস কৰি আছিল ৷ উচ্চেদ অভিযানৰ পাছতে এইসকল লোকে ৰ'দে বৰষুণে টিৰ্পালৰ তলত বসবাস কৰি আহিছিল ৷
লগতে পঢ়ক:ভদীয়া বানৰ কৱলত বিলাসীপাৰাৰ বহু গুৰুত্বপূৰ্ণ বিভাগ