অসম

assam

ETV Bharat / state

এইবাৰ অভিযোগ উঠিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্যৰ ওপৰত - আৰ এছ এছ

অভিযোগ প্ৰতি অভিযোগ দুয়োটা ফৈদৰ

এইবাৰ অভিযোগ উঠিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্যৰ ওপৰত

By

Published : Jun 14, 2019, 10:28 AM IST

কামৰূপ মেট্ৰ'পলিটান,১২ জুনঃ সোমবাৰে দাদুল আলী নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল ফাইজুল ইছলামক। জালুকবাৰীত ধুবুৰীৰ বাছ আস্থানত গুণ্ডাকৰ সংগ্ৰহ কৰাৰ অভিযোগ ফাইজুলৰ বিৰুদ্ধে। কিন্তু একাংশৰ ছত্ৰছায়াত এই লোকজনে এজাহাৰৰ দাখিল কৰাৰ অভিযোগ উত্থাপন কৰে ফাইজুল ইছলামৰ পৰিয়ালে । নিজকে বিজেপি আৰ এছ এছ ৰ বুলি চিনাকী দিয়া বিমল দাসক সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড অভিযোগ উত্থাপন হৈছে ।

এইবাৰ অভিযোগ উঠিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্যৰ ওপৰত

কেইবাবাৰো ফাইজুলক আৰ এছ এছ বিজেপিৰ ভাবুকি দি ধনদাবী কৰি আহিছিল বিমলে । ইফালে এই অভিযোগৰ ক্ষেত্ৰত আটকাধীন ফাইজুল ইছলামৰ পত্নীয়ে বিমল দাসক কাকুতি মিনতি কৰিব যাওঁতেই অশ্লীল ব্যৱহাৰ কৰে। কেৱল ইমানেই নহয় বিমল দাসে মহিলাগৰাকীৰ গাৰ কাপোৰো ফালি দিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে । এই সন্দৰ্ভত মহিলাগৰাকীয়ে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । কিন্তু বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ ব্যক্ত কৰিছে অভিযোগকাৰীয়ে ।

ABOUT THE AUTHOR

...view details