ধুবুৰী,১২ এপ্ৰিলঃ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক মুকলি প্ৰত্যাহ্বান বদৰুদ্দিন আজমলৰ । দুয়োজন প্ৰাৰ্থীকে বিজেপিৰ এজেন্ট আখ্যা বদৰুদ্দিন আজমলৰ । শুকুৰবাৰে ধুবুৰীৰ গোলকগঞ্জৰ এখন নিৰ্বাচনী সভাত অংশ লৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলায় বদৰুদ্দিন আজমলে । নিৰ্বাচনী প্ৰচাৰ সভাত আজমলে নিজৰ ভাষণত অগপ বিজেপি আৰু বিপিএফ মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলাম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক মুকলি প্ৰত্যাহ্বান আগবঢ়াই। দুয়োজনে হিন্দী, ইংৰাজী নহয় আনকি অসমীয়া ভাষাও ঠিক মতে কব নোৱাৰে বুলিও প্ৰত্যাহ্বান জনাই । ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি অৰ্থাৎ নৰেন্দ্ৰ মোডীৰ ফলাফল বেয়া হোৱাৰ বিপৰীতে নৰেন্দ্ৰ মোডী ফেইলাৰ বুলি উল্লেখ কৰে আজমলে। ইয়াৰোপৰি এইবাৰ ধুবুৰী বৰপেটা আৰু কৰিমগঞ্জত এ আই ইউ ডি এফৰ জয় নিশ্চিত বুলি দাবী কৰাৰ বিপৰীতে মিত্ৰ দল ইউ পি পি এলৰ প্ৰাৰ্থীও জয় হব বুলি দাবী কৰে আজমলে ।
বিৰোধী দলৰ প্ৰতিদ্বন্দীক বদৰুদ্দিন আজমলৰ মুকলি প্ৰত্যাহ্বান
মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক মুকলি প্ৰত্যাহ্বান বদৰুদ্দিন আজমলৰ
বিৰোধী দলৰ প্ৰতিদ্বন্দীক বদৰুদ্দিন আজমলৰ মুকলি প্ৰত্যাহ্বান
উল্লেখযোগ্য যে, এই নিৰ্বাচনী সভাখনতো পূৰ্বৰ দৰেই জৰাফুঁকাৰ ৰাজনীতি কৰে এ আই ইউ ডি এফ প্ৰধানজনে । সভাৰ অন্তত বহু সংখ্যক লোকে আজমলৰ জৰা-ফুকা পানীৰ বাবে বটল লৈ সভাথলীত ঠেলা হেঁচা আৰম্ভ কৰে ।