অসম

assam

ETV Bharat / state

চাপৰত পথ নিৰ্মাণত অনিয়ম: স্থানীয় ৰাইজৰ প্ৰতিবাদ - Irregularities in road construction in chaapar

চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত পূৱ বিলাসীপাৰাৰ ধীৰেৰচৰ প্ৰথম খণ্ড গাঁৱত চি চি ব্লকৰ পথ নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ একাংশ ৰাইজে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

চাপৰত পথ নিৰ্মাণত অনিয়ম:স্থানীয় ৰাইজৰ প্ৰতিবাদ
চাপৰত পথ নিৰ্মাণত অনিয়ম:স্থানীয় ৰাইজৰ প্ৰতিবাদ

By

Published : Feb 23, 2021, 4:44 PM IST

Updated : Feb 23, 2021, 7:43 PM IST

পূৱ বিলাসীপাৰা,23 ফেব্ৰুৱাৰী:পূৱ বিলাসীপাৰাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ-তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ ধীৰেৰচৰ প্ৰথম খণ্ড গাঁৱত ৰাইজৰ প্ৰতিবাদ ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত চি চি ব্লকৰ পথ নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ একাংশ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অতি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ কাম সম্পন্ন কৰা বুলি অভিযোগ উত্থাপন কৰি খণ্ড উন্নয়ন বিষয়াক লিখিত ভাবে আপত্তি জনোৱাৰ পাচতে পথচোৱাৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছিল ৷

চাপৰত পথ নিৰ্মাণত অনিয়ম: স্থানীয় ৰাইজৰ প্ৰতিবাদ

ৰাইজৰ অভিযোগ,পথটোৰ কাম হ'ব লাগিছিল 125 মিটাৰ; কিন্তু তাৰ পৰিৱৰ্তে কাম কৰিছে মাত্ৰ 96 মিটাৰ ৷ বাকী থকা 29 মিটাৰ পথ অতি সোনকালে নিৰ্মাণ কৰাৰ বাবে দাবী জনাইছে স্থানীয় লোকে ৷ যিহেতু প্ৰতি বছৰে অঞ্চলটোত বানে সংহাৰ চলাই তেনে সময়তে বানক্ৰান্ত অঞ্চলটোত বানপানীৰ আগতে কামটো সম্পূৰ্ণ কৰাৰ দাবী জনাইছে ৷ অন্যথা বাৰিষা অহাৰ লগে লগে পুনৰ আধৰুৱা হৈ ৰ'ব পথচোৱা ৷ যিহেতু অঞ্চলটোত প্ৰতিবছৰে বানে ৰাস্তঘাট উটুৱাই লৈ যায়, তেনে অৱস্থাত নিম্নমানৰ সামগ্ৰী আৰু নিয়ম অনুযায়ী কাম নকৰিলে ৰাস্তাটো বানত ভাহি যাব বুলি আশংকা প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:ভূমি আৱণ্টনক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হতাহতি

Last Updated : Feb 23, 2021, 7:43 PM IST

ABOUT THE AUTHOR

...view details