ধুবুৰী, 14 মাৰ্চ :ৰাজ্যৰ কেইবাটাও অঞ্চলত এতিয়া সক্ৰিয় হৈ পৰিছে ইৰাণী গ্ৰুপৰ সদস্য । শেহতীয়াকৈ এইবাৰ ইৰাণী গ্ৰুপে আতংকৰ সৃষ্টি কৰিছেধুবুৰী জিলাত ।
বিগত বহু দিন ধৰি ধুবুৰী জিলাৰ সদৰ চহৰকে ধৰি ভিন্ন স্থানত সন্ত্ৰাস চলাই আহিছে চিলনী চোৰ আৰু ইৰাণী গ্ৰুপৰ দলে । কেইদিনমান পূৰ্বে ধুবুৰী, গৌৰীপুৰ আৰু বিলাসীপাৰাৰ পৰা ইৰাণী গ্ৰুপৰ এটা দলে লুটি নিয়ে কেইবা লক্ষাধিক টকা । বৃহস্পতিবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় ধুবুৰী চহৰত । আজি আব্দুল মান্নান নামৰ লোক এজনৰ পৰা ইৰাণী গ্ৰুপৰ সদস্যই লুট কৰি নিয়ে 5 লাখ 40 হাজাৰ টকা ৷ চহৰ খনৰ জি টি বি পথৰ পাঁচমোৰত ৰাখি থোৱা মটৰ চাইকেলৰ বক্সৰ তলা খুলি দুজন দুৰ্বৃত্তই লুট কৰি নিয়ে টকা খিনি । অৱশ্যে চি চি কেমেৰাত বন্দী হৈছে চুৰি কাণ্ডৰ সসমগ্ৰ দৃশ্য । ইপিনে বিগত কেইবাদিন ধৰি ধুবুৰীত এটাৰ পাচত আনটো চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সফলতা লাভ কৰা পৰিলক্ষিত হোৱা নাই ।