ধুবুৰী , ১৪ মাৰ্চ : ৰাজ্যৰ কেইবাটাও অঞ্চলত এতিয়া সক্ৰিয় হৈ পৰিছে ইৰাণী গ্ৰুপৰ সদস্য । শেহতীয়াকৈ এইবাৰ ইৰাণী গ্ৰুপৰ আতংক নামিছেধুবুৰী জিলাতো ।
ধুবুৰীত ইৰাণী গ্ৰুপৰ সন্ত্ৰাস
জানিব পৰা মতে আব্দুল মান্নান নামৰ লোক এজনৰ পৰা ইৰাণী গ্রুপৰ সদস্যই লুট কৰি নিয়ে ৫ লাখ ৪০ হাজাৰ টকা ৷ লোক জনে স্থানীয় ইউকো বেংকৰ শাখাৰ পৰা উলিয়াই আনিছিল টকা খিনি । দুজনীয়া ইৰাণী গ্ৰুপৰ দল এটাই ক'লা ৰঙৰ পালচাৰ বাইকত আহি সংঘটিত কৰে এই চুৰি কাণ্ড ।