ধুবুৰী,২৪ ফেব্ৰুৱাৰী: ধুবুৰীত পুনৰ ইৰাণী গ্রুপৰ সন্ত্ৰাস । এজন ব্যৱসায়ীৰ ধন লুট কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল বহিঃৰাজ্যৰ ইৰাণী গ্রুপৰ এজন সদস্য । জানিব পৰা মতে, মানকাচৰৰ ঝাঁওডাঙ্গা গাঁওৰ সাজাহান আহমেদ নামৰ ব্যৱসায়ী এজন ধুবুৰী চহৰত বজাৰ কৰি থকা সময়ত এজন যুৱকে ব্যৱসায়ীজনৰ টকাৰ বেগ লৈ পলাবলৈ চেষ্টা কৰিছিল । তেনে সময়তে স্থানীয় একাংশ লোকে ঘটনা প্ৰত্যক্ষ কৰি হুলস্থুলীয় পৰিৱেশৰ সৃষ্টি কৰে ।
ধুবুৰীত ইৰাণী গ্ৰুপৰ সন্ত্ৰাস - ধুবুৰীত ইৰাণী গ্ৰুপৰ সন্ত্ৰাস
ধুবুৰী চহৰত দিনক দিনে বৃদ্ধি পাইছে ইৰাণী গ্রুপৰ সন্ত্ৰাস । এজন ব্যৱসায়ীৰ পৰা টকাৰ বেগ লৈ পলাবলৈ লওতে হাতে লোটে ধৰাত পৰে পশ্চিম বংগৰ এজন ইৰাণী গ্রুপৰ সদস্য ।
ধুবুৰীত ইৰাণী গ্ৰুপৰ সন্ত্ৰাস
পিছত ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ইৰাণী গ্রুপৰ সদস্যজনক। পিছত ধুবুৰী আৰক্ষীক গতাই দিয়া হয় যুৱকজনক । যুৱকজন পশ্চিমবংগৰ জলপাইগুৰীৰ ৰতিফ গুৱালা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:বান প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠক