ধুবুৰী,14 ফেব্ৰুৱাৰীঃ ধুুবুৰীত শুকুৰবাৰে প্ৰকাশ কৰা হয় ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা। এক সংবাদমেলৰ জৰিয়তে ধুবুৰী জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ ২০২০ বৰ্ষৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলখনত উপস্থিত থাকে জিলা অতিৰিক্ত উপায়ুক্ত তথা জিলা ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া অনিমেশ তালুকদাৰৰ লগতে ধুবুৰী ৰাজহ চক্ৰৰ বিষয়া জয়শংকৰ শৰ্মা,আগমণি ৰাজহ চক্ৰ বিষয়া চয়নিকা ঠাকুৰীয়া আৰু জিলা ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া সোণতৃষ্ণা ঘৰফলীয়া ৷ বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে,উল্লেখিত বিধানসভা সমষ্টি তিনিটাত মুঠ ভোটাৰ আছে ৫,৮৬,৯৪২ গৰাকী। ইয়াৰে ধুবুৰী সমষ্টিৰ ১,৯০,৮০০ গৰাকী,গৌৰীপুৰৰ ১,৯৯,২৬৯ গৰাকী আৰু গোলকগঞ্জ সমষ্টিত ১,৯৬,৮৭৩ গৰাকী ভোটাৰ আছে ।
ধুবুৰীত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ - বিধানসভা সমষ্টি তিনিটাত মুঠ ভোটাৰ আছে ৫,৮৬,৯৪২ গৰাকী
ধুবুৰী জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ ২০২০ বৰ্ষৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই তালিকা প্ৰকাশ কৰা হয় ৷ উল্লেখিত সমষ্টি তিনিটাত থকা মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৭৩২ টা । লগতে ৬,৯১৯ গৰাকী ডি ভোটাৰ থকাৰ বিপৰীতে ৮৫৪ গৰাকী চাৰ্ভিছ ভোটাৰ আছে বুলি সদৰী কৰে বিভাগীয় কৰ্তৃপক্ষই ।
![ধুবুৰীত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ introduce photo id voter list at Dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6071061-thumbnail-3x2-a.jpg)
ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ
ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ
ইপিনে,উল্লেখিত সমষ্টি তিনিটাত থকা মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৭৩২ টা । বৰ্তমানলৈকে ধুবুৰী,গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টিত ৬,৯১৯ গৰাকী ডি ভোটাৰ থকাৰ বিপৰীতে ৮৫৪ গৰাকী চাৰ্ভিছ ভোটাৰ আছে বুলি সদৰী কৰে বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ্য যে,২০১৯ বৰ্ষত ধুবুৰী জিলাত মুঠ ভোটাৰৰ সংখ্যা আছিল ৫,৬৮,০৬৪ গৰাকী । সেই অনুসৰি বিগত বৰ্ষতকৈ এইবেলি উল্লেখিত সমষ্টি তিনিটাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ১৮,৮৭৮ গৰাকী ।
লগতে চাওকঃগোৱাত সুনাম বুটলিলে কোকৰাঝাৰৰ 12 গৰাকী নৃত্য শিল্পীয়ে
TAGGED:
চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ