বিলাসীপাৰা,9 মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সোমবাৰে পালন কৰা হ'ল আন্তৰ্জাতিক নাৰী দিৱস ৷ বিশ্বৰ ভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপন কৰাৰ লক্ষ্য আৰু উদ্দেশ্যে বেলেগ বেলেগ। ক'ৰবাত যদি নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে পালন কৰা হয়, আকৌ ক'ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক দায়বদ্ধতা প্ৰতিষ্ঠাৰ উদ্দেশ্যে নাৰী দিৱস পালন কৰা হয় । সমগ্ৰ ভাৰতৰ সগতে অসমৰো বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হ'ল নাৰী দিৱস ৷ বিলাসীপাৰা নিৰ্বাচনী বিষয়াৰ উদ্যোগত সোমবাৰে বিয়লি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় আন্তৰ্জাতিক নাৰী দিৱস। মহিলাসকলক ২১ ৰ বিধানসভা নিৰ্বাচনত অংশ গ্ৰহণৰ বাবে শপত বাক্য পাঠ কৰাই বগৰীবাৰী ৰাজহ চক্ৰ বিষয়াই।
বাক্সা: বিশ্বত দেখা দিয়া মহামাৰী ক'ভিড-১৯ৰ জটীল পৰিস্থিতিৰ সময়ত সমুখৰ পৰা যুঁজ দিয়া ৰাজ্যৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মী তথা আন মহিলা চাফাই কৰ্মী সকলক বিশেষভাৱে ধন্যবাদ জনাই ৱাচ প্ৰগ্ৰেম তথা ইউনিচেফৰ কনচাল্টেন্ট প্ৰদীপ হাজোৱাৰীয়ে। বাক্সা জিলাত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত সভাত মহিলা সকলক স্বাস্থ্য সন্মত সজাগতা বৃদ্ধিৰ বাবে দিহা পৰামৰ্শ দিয়াৰ লগতে মুকলি ঠাইত শৌচ কৰা বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰ কম কৰা আৰু ডাষ্টবিনৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ৷
একেদৰে জিলাখনৰ শালবাৰীতো শালবাৰী জিলা মহিলা ইউপিপিএলৰ উদ্যোগত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ কেন্দ্রীয় সমিতিৰ তৰফৰ পৰা ইউপিপিএলৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী উপস্থিত থাকি মহিলা সকলক জাগ্ৰত হ'বলৈ আহ্বান জনোৱাৰ লগতে মহিলা সকলৰ মাজত খেল-ধেমালীৰো আয়োজন কৰে ৷