অসম

assam

ETV Bharat / state

অসমত অনুষ্টুপীয়াকৈ পালন আন্তৰ্জাতিক চাহ দিৱস - international tea day 2021

আজি আন্তৰ্জাতিক চাহ দিৱস ৷ সমগ্ৰ বিশ্বতে পালন কৰা হ'ল আন্তৰ্জাতিক চাহ দিৱস ৷ অসমতো ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জাৰি কৰা কঠোৰ প্ৰটক’লৰ মাজত অনুষ্টুপীয়াকৈ পালন কৰা হয় আন্তৰ্জাতিক চাহ দিৱস ৷

অসমত অনুষ্টুপীয়াকৈ পালন আন্তৰ্জাতিক চাহ দিৱস
অসমত অনুষ্টুপীয়াকৈ পালন আন্তৰ্জাতিক চাহ দিৱস

By

Published : May 21, 2021, 9:18 PM IST

ধুবুৰী,21 মে':আন্তৰ্জাতিক চাহ দিৱস ৷ আজি সমগ্ৰ বিশ্বতে পালন কৰা হ'ল আন্তৰ্জাতিক চাহ দিৱস ৷ অসমতো ক'ভিডৰ ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জাৰি কৰা কঠোৰ প্ৰট’কলৰ মাজত অনুষ্টুপীয়াকৈ পালন কৰা হয় আন্তৰ্জাতিক চাহ দিৱস ৷

বৰ্তমানে সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পোৱা চাহৰ চাহিদাই অৰ্থনীতিৰ ক্ষেত্ৰখনত এক উল্লেখনীয় প্ৰভাৱ পেলাইছে ৷ চাহ উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে অসমে ৷ চাহৰ গুণাগুণ, স্বাস্থ্যজনিত উপকাৰিতাই বৰ্তমান সময়ত ইয়াৰ চাহিদা বহু পৰিমাণে বৃদ্ধি কৰিছে ৷ বিগত সময়ত অসমৰ চাহে আন্তৰ্জাতিক বজাৰতো বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, যদিও বৰ্তমানৰ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে অসমৰ উদ্যোগত এক অভাৱনীয় পৰিস্থিতি উদ্ভৱ হৈছে ৷ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ক্ষেত্ৰত বজাৰ অভাৱ পৰিলক্ষিত হৈছে ৷

অসমত অনুষ্টুপীয়াকৈ পালন আন্তৰ্জাতিক চাহ দিৱস

যি কি নহওঁক চাহৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ লগতে চাহৰ ঐতিহাসিক মহত্ব আৰু ইতিহাসৰ বিষয়ে জন সচেতনতা বৃদ্ধিৰ লক্ষৰে আন্তৰ্জাতিকভাৱে উদযাপন কৰা হয় আন্তৰ্জাতিক চাহ দিৱস ৷ বিশ্বত চাহে পেলোৱা গভীৰ সংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰা উদ্দেশ্যেৰে আন্তৰ্জাতিক চাহ দিৱস প্ৰতি বছৰে ২১ মে' তাৰিখে সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় ।

2020 চনৰ 21 মে'ত সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিকভাৱে পালন কৰা হয় চাহ দিৱস ৷ উল্লেখ্য যে, 2005 চনৰ 15 ডিচেম্বৰত নতুন দিল্লীত প্ৰথম চাহ দিৱস উদযাপন কৰা হৈছিল ৷ কিন্তু চাহৰ গুণাগুণ আৰু ইয়াৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ বাবেই international food and agriculture organization চমুকৈ FAO ৰ অনুমোদন সাপেক্ষে ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ অনুযায়ী 2020 চনৰ 21 মে'ত আন্তৰ্জাতিকভাৱে পালন কৰা হয় চাহ দিৱস ৷

লগতে পঢ়ক: মুগা পালনেৰে সোণসেৰীয়া সপোন ৰচিছে এদল মহিলাই

ABOUT THE AUTHOR

...view details