অসম

assam

By

Published : Nov 10, 2021, 4:30 PM IST

ETV Bharat / state

ভুৱা তথ্য যোগান ধৰি বন্দিহানা আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা দুষ্ট চক্ৰৰ

ধুবুৰীত গাঁওৰক্ষী বাাহিনীৰ তথ্যৰ ভিত্তিত অভিযান চলাবলৈ গৈ বিমোৰত পৰিল আৰক্ষী । ভুৱা তথ্য যোগান ধৰি বন্দিহানা আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা দুষ্ট চক্ৰৰ । অৱশেষত সোধা-পোছাৰ বাবে থানালৈ অনা তিনিজন লোকক নিৰ্দোষী বুলি যাবলৈ দিবলৈ বাধ্য হ'ল বন্দিহানা আৰক্ষী ।

Informer giving false information to Bandihana police in Dhubri
ভুৱা তথ্য যোগান ধৰি বন্দিহানা আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা দুষ্ট চক্ৰৰ

ধুবুৰী, ১০ নৱেম্বৰ: গ্ৰামাঞ্চলত আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু অপৰাধমূলক ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে অসম আৰক্ষীয়ে গাঁৱে গাঁৱে নিয়োগ কৰিছে গাঁওৰক্ষী বাহিনী । কিন্তু সেই গাঁওৰক্ষী বাহিনীয়ে যেতিয়া আৰক্ষীক বিভ্ৰান্ত কৰে, তেতিয়া বহু নিৰ্দোষী লোক আৰক্ষীৰ জালত পৰিবলগীয়া হয় । হাৰাশাস্তি ভূগিবলগীয়া হয় সাধাৰণ লোকে । লগতে তদন্ত প্ৰক্ৰিয়াতো বাধা আহি পৰে ।

শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে ধুবুৰীত । জিলাখনৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বন্দিহানা আৰক্ষীক বিগত কিছু দিনৰ পৰা একাংশ দুষ্ট চক্ৰই বিভিন্ন অনিয়ম দুৰ্নীতিৰ বিৰুদ্ধে ভুৱা তথ্য যোগান ধৰি বিভ্ৰান্ত কৰাৰ চেষ্টা কৰি আহিছে । আৰক্ষীৰ লগতে সহজ-সৰল জনতাকো বিপদত পেলাইছে এনে ভুৱা তথ্যই । বন্দিহানা অঞ্চলৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল বাৰেকে দুদিন পূৰ্বে নিশা চোৰাং চাউল সৰবৰাহ কৰা সংক্ৰান্তত তথ্য যোগান ধৰিছিল বন্দিহানা আৰক্ষীক।

ভুৱা তথ্য যোগান ধৰি বন্দিহানা আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা দুষ্ট চক্ৰৰ

সেই তথ্যৰ ভিত্তিতে বন্দিহানা আৰক্ষীৰ দল এটাই নিশাই অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান চলাই তিনিজনকৈ লোকক সোধা-পোছাৰ বাবে আটক কৰে । আৰক্ষীয়ে তিনিওজনক জেৰা কৰে ।

ভুৱা তথ্য যোগান ধৰি বন্দিহানা আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা দুষ্ট চক্ৰৰ

কিন্তু প্ৰাথমিক তদন্তৰ অন্তত যুৱক তিনিজন সম্পূৰ্ণৰূপে নিৰ্দোষী বুলি প্ৰমাণিত হয় । লগতে আব্দুল বাৰেকে ভুৱা তথ্য যোগান ধৰাটোও নিশ্চিত হয় । আনহাতে, এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । নিৰ্দোষী লোককেইজনক আটক কৰাৰ খবৰ পোৱা পাচতে অঞ্চলটোৰ শতাধিক লোক বন্দিহানা আৰক্ষী চকীত উপস্থিত হয় ।

আৰক্ষীয়ে সোধা-পোছা কৰা তিনিওজন যুৱকৰ সপক্ষে ৰাইজে সাক্ষ্য দিয়ে আৰু আৰক্ষীয়ে তিনিওকে মুকলি কৰি দিয়ে । আনহাতে, আব্দুল বাৰেক নামৰ গাঁওৰক্ষী বাহিনীৰ দৰে দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া আৰক্ষী তৎপৰ হৈছে । নিজৰ স্বাৰ্থৰ বাবে আৰক্ষীক ভুল তথ্য যোগান ধৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল বাৰেকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবুল কাঁছিমে জাানিবলৈ দিয়ে ।

লগতে পঢ়ক:কৰিমগঞ্জত বাংলাদেশী দম্পতী আটক

ABOUT THE AUTHOR

...view details