অসম

assam

ETV Bharat / state

বিলাসীপাৰাৰ চক বজাৰত ৫ টকাতে চিকেন বিৰিয়ানী - supplied chicken biryani for Rs 5

বিলাসীপাৰাৰ স্বেচ্ছাসেৱী সংগঠন ইন্দ্ৰিয়া ফাউণ্ডেচনে যোগান ধৰিছে ৫ টকাত চিকেন বিৰিয়ানী ৷ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক সকলৰ সুবিধাৰ্থে এই সেৱা আৰম্ভ কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷

Indriya Foundation has supplied chicken biryani for Rs 5
বিলাসীপাৰা চক বজাৰত ৫ টকাতে চিকেন বিৰিয়ানী

By

Published : Sep 2, 2021, 9:54 PM IST

পশ্চিম বিলাসীপাৰা, 2 ছেপ্টেম্বৰ : বিলাসীপাৰাৰ চক বজাৰত ৫ টকাত চিকেন বিৰিয়ানী যোগান ধৰিছে স্বেচ্ছাসেৱী সংগঠন ইন্দ্ৰিয়া ফাউণ্ডেচনে ৷ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলৰ সুবিধাৰ্থে এই সেৱা আৰম্ভ কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ক'ভিডে সংস্থাপন কাঢ়ি নিয়া লোকসকলক দুপৰীয়া এসাঁজ যোগান ধৰাৰ উদ্দেশ্যেৰে ৫ টকাত চিকেন বিৰিয়ানী যোগান ধৰিছে ইন্দ্ৰিয়া ফাউণ্ডেচনে ৷

লগতে পঢ়ক:বেংগলী সংগঠনৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বীৰ লাচিত সেনাৰ

বৃহস্পতিবাৰে বিলাসীপাৰাৰ চক বজাৰত ৫ টকাৰ বিনিময়ত যোগান ধৰি অহা চিকেন বিৰিয়ানী খাবলৈ শতাধিক শ্ৰমিক লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ ইন্দ্ৰিয়া ফাউণ্ডেচনৰ কৰ্মকৰ্তাই সদৰি কৰা মতে, ক'ভিড সৃষ্ট পৰিবেশে বহু লোকৰ জীন-জীৱিকাৰ প্ৰতি অনিশ্চয়তা নমাই আনিলে ৷ এই সময়চোৱাত বহু লোকে কৰ্ম সংস্থাপন হেৰুৱালে ৷ বৰ্তমান একাংশ লোকে এসাঁজ খাই আন সাঁজৰ বাবে চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

বিলাসীপাৰা চক বজাৰত ৫ টকাতে চিকেন বিৰিয়ানী

এনে পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে মাত্ৰ 5 টকাতে চিকেন বিৰিয়ানী যোগান ধৰাৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কয় ইন্দ্ৰিয়া ফাউণ্ডেচনৰ কৰ্মকৰ্তাই ৷ এই পদক্ষেপৰ জড়িয়তে সাধাৰণ লোক সকলৰ সুবিধাৰ্থে কিঞ্চিত হ’লেও সহায়ৰ হাত আগবঢ়াই সেৱা প্ৰদান কৰি সন্তুষ্টি প্ৰকাশ কৰিছে ইন্দ্ৰিয়া ফাউণ্ডেচনৰ কৰ্মকৰ্তা সকলে ৷

লগতে পঢ়ক :যোৰাবাটত বুজন পৰিমানৰ হেৰ'ইন সহ দুজনক আটক

ABOUT THE AUTHOR

...view details