পশ্চিম বিলাসীপাৰা, 21 জুলাই : কেৱল দেশ সেৱাই নহয় বানবিধস্ত আৰ্তজনৰ কাষতো থিয় দিলে ভাৰতীয় সেনা বাহিনীয়ে ৷ ধুবুৰী জিলাৰ পাণবাৰী আৰু বিলাসীপাৰাৰ গৌৰাং নগৰৰ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে মহানুভৱতাৰ পৰিচয় দি বিলাসীপাৰাৰ হাকামা M.N.M.E স্কুলত থকা অস্থায়ী বান শিবিৰত দেওবাৰে পুৱা 6 বজাৰ পৰা আৰম্ভ কৰে বিনামূলীয়া চিকিৎসা শিবিৰ ৷ বানাক্ৰান্তৰ অস্থায়ী শিবিৰটোত থকা শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰাৰ লগতে বিশুদ্ধ খোৱা পানী আৰু আহাৰ বিতৰণ কৰে সেনাৰ বিষয়া-জোৱানসকলে ৷
মহানুভৱতাৰ পৰিচয়েৰে বন্যাৰ্তক সহায় সেনাৰ - ৰেড হৰ্ণ ডিভিজন
ভাৰতীয় সেনা বাহিনীয়ে মহানুভৱতাৰ পৰিচয় দি বানপীড়িতলৈ আগবঢ়ালে সহায়ৰ হাত ৷ বিলাসীপাৰাৰ M.N.M.E স্কুলত থকা অস্থায়ী বান শিবিৰত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিলে সেনা বাহিনীৰ বিষয়া সকলে ৷
উল্লেখ্য যে বিলাসীপাৰাৰ শেহতীয়া বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও বৰ্তমানেও একাংশ অঞ্চল বানৰ কবলত আছে | ইয়াৰ ফলত বিলাসীপাৰাৰ ঠায়ে ঠায়ে এতিয়াও অস্থায়ী বান শিবিৰত দুৰ্বিষহ জীৱন যাপন কৰিবলগা হৈছে বন্যাৰ্তই | বিলাসীপাৰা চহৰৰ 9 নম্বৰ ৱাৰ্ড হাকামা M.N.M.E স্কুলত স্থাপন কৰা বান শিৱিৰত এতিয়াও বিলাসীপাৰাৰ আন্দুৰঝাৰ, মাৰুপাৰা আৰু বৰুৱাৰঝাৰ গাঁৱৰ দুই শতাধিক পৰিয়ালে দুৰ্বিসহ জীৱন - যাপন কৰিছে | শেহতীয়াকৈ শিবিৰৰ শিশু ,মহিলা তথা একাংশ বৃদ্ধলোক বিভিন্ন ৰোগত আক্ৰান্ত হৈছে |