মানকাচাৰ 17 এপ্ৰিল: লক ডাউনৰ সময়তে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাৰৰ ওপৰেদি বাংলাদেশলৈ চালান হয় লাখ লাখ টকাৰ নিচাজাতীয় ঔষধ। এই সন্দেহ স্বয়ং মানকাচৰ আৰক্ষীৰ। এনে অভিযোগৰ ভিত্তিত ইতিমধ্যে বহু কেইজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে মানকাচৰ আৰক্ষীয়ে। মানকাচৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত থকাৰ সময়তে পুনৰ সীমান্তৰ পৰা উদ্ধাৰ প্ৰায় ডেৰ লাখ টকা মূল্যৰ নিচাজাতীয় ঔষধ ।
ভাৰত বাংলাদেশ সীমান্তত আৰক্ষীৰ অভিযান :জব্দ নিচাজাতীয় ঔষধ - ৰোক্সি প্লাছ আৰু ৩৬০ টা ৰলেক্স
মানকাচৰ সীমান্তৰে বাংলাদেশলৈ চালান হয় লাখ লাখ টকাৰ নিচাজাতীয় ঔষধ ৷ মানকাচৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত থকাৰ সময়তে পুনৰ সীমান্তৰ পৰা উদ্ধাৰ প্ৰায় ডেৰ লাখ টকা মূল্যৰ নিচাজাতীয় ঔষধ ।
![ভাৰত বাংলাদেশ সীমান্তত আৰক্ষীৰ অভিযান :জব্দ নিচাজাতীয় ঔষধ india-bangladesh-border-operation-assam-police-mankasher](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6831262-21-6831262-1587123866686.jpg)
ভাৰত বাংলাদেশ সীমান্তত আৰক্ষীৰ অভিযান :জদ্ব নিচাজাতীয় ঔষধ
সীমান্তৰ কাঁইটীয়া তাৰৰ ওপৰেৰে বাংলাদেশলৈ দলিয়াবলৈ সীমান্ত লৈ নিচাজাতীয় ঔষধৰ টোপোলা লৈ আনিছিল অসাধু চক্ৰই। তেনে সময়ত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুই কাৰ্টন নিচা জাতীয় সামগ্ৰী। ১২৯৬ টা স্পাছ ৰোক্সি প্লাছ আৰু ৩৬০ টা ৰলেক্স কফ ছিৰাফ উদ্ধাৰ কৰিছে আৰক্ষীয়ে যাৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা। অৱশ্যে ঘটনাৰ সৈতে জড়িত থকা কোনো এজন লোকক কৰায়ত্ত কৰিব পৰা হোৱা নাই আৰক্ষীয়ে। যদিও অভিযান আৰু তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ভাৰত বাংলাদেশ সীমান্তত আৰক্ষীৰ অভিযান :জদ্ব নিচাজাতীয় ঔষধ